নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত আৰক্ষীৰ জিন্মাৰ পৰা পলাল গভাইত চোৰ

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত যোৱানিশা চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাৰপৰা এটা গভাইত চোৰ পলাই যোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, চাৰিদুৱাৰ আৰক্ষীয়ে ১৭ জানুৱাৰীত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘৰ লগতে বিভিন্ন স্থানৰপৰা ফেনসহ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ অপৰাধত আটক কৰিছিল ননকে বাকোলাৰ আকাশ দৰ্জি নামৰ এটা গভাইত চোৰক । চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয় লগতে আটক কৰিছিল বকুল দাস, সূৰজ চৌধুৰীসহ আন কেইবাটাও চোৰ তথা চুৰি সামগ্ৰী ক্ৰয় কৰোঁতাক । কিন্তু যোৱানিশা আকাশ দৰ্জি নামৰ গভাইত চোৰটোক চাৰিদুৱাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিওঁতে আন্ধাৰৰ সুযোগ লৈ চোৰটো পলাই যায় । পিছত চোৰটোৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল । একাংশ সচেতন ৰাইজে চাৰিদুৱাৰ আৰক্ষীৰ অকৰ্মণ্যতাৰ বাবেই এনেদৰে এটা গভাইত চোৰে আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হ’ল বুলি অভিযোগ কৰি সমগ্ৰ ঘটনাটোৰ তদন্তৰ দাবী জনাইছে ।

You might also like