নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ঐতিহাসিক সৰুখেল গঞা ৰাইজৰ ১২৭ সংখ্যক বাৰ্ষিক সভা সম্পন্ন

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ শুৱালকুছি আৰু ইয়াৰ পাশ্চৱৰ্তী অঞ্চলৰ সৰ্ববৃহৎ ঐতিহাসিক গঞাৰ অনুস্হান সৰুখেল গঞা ৰাইজ গয়ৰহ, শুৱালকুছিৰ ১২৭ সংখ্যক বাৰ্ষিক সভা কালি দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰীঈশ্বৰ হাটীসত্ৰত পুৱা দহ বজাৰ পৰা অনুস্হিত হয় ৷ সভাৰ পূৰ্বে ’গঞা ভৱন’ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু গঞা ৰাইজৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মড়ল তৰুণ দাসে ঐক্য, শান্তি আৰু প্ৰগতিয়ে গঞা ৰাইজৰ মুখ্য উদ্দেশ্য বুলি দোহাৰে ৷ ১২৭ বছৰীয়া এই অনুস্হানটোৱে ৰাইজৰ দূখ দূৰ্গতিত সহায়ত এক মুখ্য ভূমিকা পালন কৰি অহা বুলি কয় ৷ গঞা ৰাইজৰ নীতি আৰু আদৰ্শ সদায় যুগমীয়া কৰি ৰাখিবলৈ প্ৰতিটো প্ৰজন্মক তেওঁ আহ্বান জনায় ৷ পতাকা উত্তোনৰ পূৰ্বে স্হানীয় জ্যেষ্ঠ শিল্পী ৰামকানু মেধি, ডিম্বেশ্বৰ চৌধুৰী, কবিন্দ্ৰ নাথ মেধি আৰু কিৰণ মেধিয়ে এটি সমবেত সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷

মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ এটি প্ৰাৰ্থনা ঘোষাৰে শুভাৰম্ভ হোৱা বাৰ্ষিক সভা পৰিচালনা কৰে অনুস্হানটোৰ মড়ল তৰুণ দাসে ৷ কাকতি দিলীপ মেধিয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে বাৰ্ষিক কাৰ্যবিৱৰণি আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৷ সভাত বিগত বৰ্ষৰ হিচাৱ পাঠ কৰে আভ্যন্তৰীণ হিচাৱ পৰীক্ষক দুলু চৌধুৰীয়ে ৷ উপস্থিত ৰাইজে সৰ্বসন্মতভাৱে হিচাৱ গ্ৰহণ কৰে ৷ সভাত জ্যেষ্ঠ সদস্য (সত্তৰ বছৰৰ ঊৰ্দ্ধ) অনিল মেধি, ডম্বৰু দাস, ভবানন্দ দাস আৰু হৰিচন্দ্ৰ ভৰালীক মানপত্ৰ, গামোচা, কীৰ্ত্তন পুথি আৰু নগদ ধনৰে সম্বৰ্ধনা জনোৱা হয় ৷ আগন্তুক বৰ্ষৰ বাবে কেইবাটিও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা সভাত পৰৱৰ্তী তিনিটা বছৰৰ বাবে তৰুণ দাসক মড়ল, যতীন্দ্ৰনাথ মেধিক উপ মড়ল, দিলীপ মেধিক কাকতি, ৰামেশ্বৰ দাসক সহ কাকতি, দুলু চৌধুৰীক হিচাৱ পৰীক্ষক হিচাৱে লৈ চৈধ্য জনীয়া নতুন কাৰ্যপৰিচালনা সমিতি এখন গঠন কৰা হয় ৷ সভাত পাচ শতাধিক সদস্য উপস্হিত থাকে ৷

You might also like