নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ মোলানগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত এক

ঘটনাস্থলীত উপস্থিত হৈ হাতী খেদিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই

নিয়মীয়া বাৰ্তা, ২৮ জুন: শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত ধাৰাৱাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তী মানৱৰ সংঘাত । বালিপৰা সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা জাক-জাক বন্যহস্তীয়ে চাৰিদুৱাৰ, তৰাজান পোতাশালি, মেকাহি, গামানী, ডফলাপথাৰ, সোণাই পাম, সোণাই মিৰি, সোণাই নেপালী, ঢাৰিকাটি, উত্তৰ ঢাৰিকাটি, পালেংগাঁও, চপালগা, চামলগা, গড়মৰা, বালিপৰা ইত্যাদি বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাত আতংকিত হৈ পৰিছে জনতা ।

বন্যহস্তীয়ে এফালৰপৰা তহিলং কৰি গৈছে ৰাইজৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, শস্য । অঞ্চলটোত এনেদৰে হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে যোৱানিশা চাৰিদুৱাৰৰ মোলানগাঁৱত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে যোৱানিশা মোলানগাঁৱত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা এটা দঁতাল বন্যহস্তীয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি তহিলং কৰে । ৰাইজে অভিযোগ কৰা অনুসৰি বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ খবৰ ৰাইজে স্থানীয় চাৰিদুৱাৰ আৰু আমাৰীবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত দিয়াৰ পিছতো সময়মতে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাত বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভূক্তভোগী ৰাইজ । আনহাতে মোলানগাঁৱত মৃত্যু হোৱা লোকজন মাতিয়াছ বাৰ্জ ( ৬৫ ) বুলি বনবিভাগৰ সূত্ৰে জানিব পৰা গৈছে ।

একেদৰে ঘটনাতো সংঘটিত কৰা হাতীটো আঘাতপ্ৰাপ্ত বুলিও ৰাইজে জনাইছে । হাতীটো ঘটনাস্থলীৰ সমীপতে পুৱাপৰ্যন্ত অৱস্থাত ঘটনা বিষয়ত আজি পুৱা ৰাইজে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক অৱগত কৰাত বৰষুণকো নেওচি ঘটনাস্থলীত উপস্থিত হয় বিধায়কগৰাকী । বিধায়কগৰাকীয়ে বনবিভাগৰ সহযোগত হাতীটোক শূণ্যলৈ গুলি কৰি খেদিবলৈ যত্ন কৰা পৰিলক্ষতি হয় । সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে জনাইছে যে উক্ত হাতীটোৰ লক্ষণ বলীয়াৰ লেখীয়া । হাতীটোক খেদিবলৈ শূন্যলৈ গুলি কৰাৰ পাছতো হাতীটোৱে ভয় কৰা নাই । হাতীটো খেদিবলৈ মোৰ নিজৰ ৰামু নামৰ হাতীটো অনা হ’ব । অঞ্চলবাসী ৰাইজক হাতীৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ আমি সকলোপ্ৰকাৰে সংকল্পৱদ্ধ আৰু আমি যিকোনোপ্ৰকাৰে ৰাইজক সুৰক্ষা প্ৰদান কৰিমেই। উক্ত হাতীটোক বলীয়া বুলি ঘোষণা কৰিবলৈ মই ইতিমধ্যে বনবিভাগৰ ঊৰ্ধতন মহলক অৱগত কৰিছো । “

You might also like