নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুইতৰ বুকুত সন্ধানহীন হোৱা ধুবুৰী অভিজিত সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুন: অৱশেষত সন্ধান ওলাল বৰ লুইতত সন্ধানহীন হোৱা ধুবুৰীৰ অভিজিত সূত্ৰধৰ নামৰ দূৰ্ভগীয়া ছাত্ৰজনৰ। ধুবুৰী ফুলবাৰী সংযোগী নিৰ্মীয়মান দলংৰ সমীপত লুইতত ওপঙি থকা অৱস্থাত আজি উদ্ধাৰ হয় ছাত্ৰজনৰ নিথৰ দেহ। এছডিআৰএফ বাহিনীয়ে নৈখনৰ পৰা মৃতদেহটো আনি ধুবুৰীৰ বিএছএফ ঘাটলৈ অনাৰ পিছত কান্দোনৰ ৰোল উঠে পাৰঘাটটোত ৰৈ থকা অভিজিতৰ মাতৃ আৰু অসংখ্য শুভাকাংক্ষীৰ। স্মৰ্তব্য যে, বিগত ২৫ জুনৰ নিশা ধুবুৰীৰ মিছন ৰোডৰ মিছন ৰোডৰ অভিজিৎ সূত্ৰধৰ নামৰ যুৱকজন চাৰি বন্ধুৰে চহৰখনৰ ১নং ৱাৰ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ট্ৰেজাৰী ঘাটলৈ ফুৰিবলৈ আহিছিল। ল’গৰ সংগী কেইগৰাকীৰ ভাষ্য অনুসৰি পাৰঘাটত থকা আভ্যন্তৰিন জল পৰিবহন বিভাগৰ এখন বিকল ফেৰীত বহি কথা পাতি থাকোঁতে অকষ্মাতে নৈখনত পৰি যায় অভিজিৎ। সন্ধানহীন সেই ছাত্ৰজনৰ সন্ধানত সিদিনা নিশাৰ পৰাই আৰক্ষী আৰু এচডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছিল অভিযান।

অৱশেষত অভিশপ্ত সেই ট্ৰেজাৰী ঘাটৰ পৰা আনুমানিক ১৪/১৫ কিলোমিটাৰ দূৰত লুইতত উদ্ধাৰ হয় দূৰ্ভগীয়া সেই ছাত্ৰজনৰ নিথৰ দেহ। লক্ষণীয় যে, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে অভিজিত। ২০২০ চনত ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ কম্পুউটাৰ বিজ্ঞানত ৯০ নম্বৰ পাই বিষয়টোত লেটাৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল আৰু ধুবুৰীৰ চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ভৰ্তি হৈছিল যুৱকজন। সেইখন বিদ্যালয়ৰে পৰা এইবেলিৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত সৰ্বমুঠ ৩১০ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অভিজিতৰ জীৱনৰ এই শোকাৱহ সমাপ্তিয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে ছাত্ৰজনৰ শিক্ষাগুৰু আৰু সহপাঠীসকলক। মাতৃৰ চকুৰ বন্যাই পৰিয়ালটোৰ ওচৰ চুবুৰীয়াকো কৰি তুলিছে শোকাৰ্ত। পেচাত ধুবুৰী শিশু পাঠশালা ধুবুৰীৰ এছ. পি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, মাতৃ মনিকা সূত্ৰধৰৰ একমাত্ৰ সন্তান আছিল অভিজিত। উল্লেখ্য যে, পত্নী মনিকা সূত্ৰধৰক অকলশৰীয়া কৰি কেই বছৰমান পূৰ্বেই পৰলোক গমন কৰিছে অভিজিতৰ পিতৃ নিখিল চন্দ্ৰ সূত্ৰধৰো।

You might also like