নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত চ্যুকাফা দিৱস উদযাপন; চাওলুং চ্যুকাফা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: স্বৰ্গদেউ চাওলুং চ্যুকাফা উদ্যান আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত আজি  চিমেন চাপৰিৰ চ্যাও ছেং ৰৌণ চৌহদত চ্যুকাফা দিৱস উদযাপন কৰা হয়। দিৱসৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰে চাওলুং চ্যুকাফা উদ্যান আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি গোবিন গগৈয়ে।পুৱা ৮-৩০ বজাত মৈদাম তৰ্পণ কৰে চিমেন চাপৰিৰ মলুং ভদ্ৰেশ্বৰ দোলাকাষৰীয়াই।পুৱা ৯ বজাত চিমেন চাপৰি আঞ্চলিক পয় ফুলালুং সংঘৰ দ্বাৰা মাঙ্গলিক অনুষ্ঠানৰ পাছত দিনৰ ১১ বজাত  চিমেন চাপৰিৰ চ্যাও ছেং ৰৌণ চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা চাওলুং চ্যুকাফা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে।আধাৰশিলা স্থাপন কৰি চমু ভাষনত ডম্বৰু কোঁৱৰে কয় সাতৰাজ মাৰি একৰাজ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ দ্বাৰা এখন বৰ অসম গঢ় দিয়া চাওলুং চ্যুকাফাৰ উদাৰ দৃষ্টিভংগী আৰু আদৰ্শৰে নতুন সমাজ নিৰ্মাণ কৰিবলৈ আজিৰ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। দুপৰীয়া ১২ বজাত আগন্তুক মে-ডাম-মে-ফি উদযাপন কৰাৰ বিষয়ত চাওলুং চ্যুকাফা উদ্যান আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি গোবিন গগৈৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়। নিৰ্মাণ সমিতিৰ সম্পাদক নকুল টিপমীয়াই আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক প্ৰমোদ সন্দিকৈ, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, আটাছুৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈ, সাধাৰণ সম্পাদক ৰমা বৰগোঁহাই,উপদেষ্টা জিতু গগৈ, বিশিষ্ট সমাজকৰ্মী দ্বীপেন বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ দুৱৰা, শিক্ষক চুচেন কোঁৱৰ, তৰুণ হাতীমূৰীয়া,চিমেন চাপৰি আঞ্চলিক ফুৰালুং সংঘৰ সম্পাদক কুশল বৰগোঁহাই, মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্যা টুটুমণি দত্ত উপস্থিত থকা সভাই চিমেন চাপৰিত আগন্তুক ২০২৩ চনৰ ৩১ জানুৱাৰী মে-ডাম-মে-ফি বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।  সন্ধিয়া ৫ বজাত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়। 
You might also like