নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰম্পৰাগত পদ্ধতিৰে চাওলুং চুকাফাৰ মৈদামথলীত অসম দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: ঐতিহাসিক চৰাইদেউ মৈদামৰ লগতে ইয়াৰ নাতিদূৰত অৱস্থিত চাওলুং চুকাফাৰ মৈদামথলীত আজি পৰম্পৰাগত পদ্ধতিৰে বৰ অসমৰ ভেটি গঢ়োতা চাওলুং  চুকাফাৰ স্মৃতি বিজড়িত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হয়। আজি পুৱা আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, আলফা নেতা ৰামু মেচ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ ইতিহাসবিদ ড° যোগেন ফুকন,  বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া যথেষ্ট সংখ্যক স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া চুকাফাৰ মৈদাম প্ৰাংগণত সমবেত হৈ বন্তি প্ৰজ্বলন কৰি মহান অসমীয়া গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মৈদাম প্ৰাংগণত সমবেত সাংবাদিক সকলৰে হোৱা মুখামুখিত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে চুকাফাৰ মৈদাম দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা আৰু আজি পৰ্যন্ত ইয়াক চৰকাৰী ভাৱে বেদখল মুক্ত কৰি সংৰক্ষণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰাত গগৈয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ইফালে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে পূৰ্বৰ চৰকাৰ সমূহে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আক্ষেপ প্ৰকাশ কৰে। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চুকাফাৰ মৈদামটো বেদখল মুক্ত কৰি এক বিশ্ব মানদণ্ডৰৰ পৰ্যটনথলী হিচাপে ইয়াক গঢ়ি তুলিবলৈ এক কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা বিষয়টো উল্লেখ কৰি নাজিৰা ৰাজহচক্ৰৰ বিষয়া কৰ্মচাৰী সকলৰ হেমাহিৰ বাবেই অনুদানৰ এই ধনৰাশি উভতি যায় বুলি খেদ প্ৰকাশ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে চুকাফাৰ মৈদামকে ধৰি সমগ্ৰ চৰাইদেউ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলি ইয়াৰ স্বীকৃতি লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি সকলোৰে সহযোগত এয়া বাস্তবায়িত হব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইফালে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত আটাছুৰ চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগতো আজি অসম দিৱস উদযাপন কৰা হয়। ইতিহাসবিদ ড°যোগেন্দ্ৰ নাথ ফুকন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মৈদাম প্ৰাংগণত অৱস্থিত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইতিহাসবিদ ড° যোগেন্দ্ৰ নাথ ফুকন, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আলোচনা চক্ৰ খনিত চুকাফাই বৰ অসমৰ ভেটি গঢ়াৰ বাবে লোৱা পদক্ষেপক সশ্ৰদ্ধ স্মৰণ কৰি বক্তৃব্য আগবঢ়ায়।

You might also like