নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত গ্ৰাম্য বিজ্ঞান যাত্ৰা-২০২২ ৰ অধীনত বিজ্ঞান প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ, তাৰকাগৃহ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, চিচিবৰগাঁও ব্লক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত “গ্ৰাম্য জ্ঞান বিজ্ঞান যাত্ৰা-২০২২ ৰ অধীনত এক বিজ্ঞান শিক্ষাৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কৰা আৰম্ভণি অনুষ্ঠানৰ উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই । অনুষ্ঠানটোৰ আঁত ধৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক পাৰ্থনাথ দত্তই । অনুষ্ঠানত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্বাৱধায়ক বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়া, শৈক্ষিক সহায়ক পলাশী বৰা আৰু ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰৰ সমল অধ্যাপক আৰহান ইনামূলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ বিভিন্ন কৌশল আৰু তত্ব সন্দৰ্ভত পৰীক্ষাসহ বক্তব্য দাঙি ধৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নলিনীধৰ দলে, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চিচিবৰগাঁও খণ্ড সমন্বয়ক ড৹ দেৱজিত পাতিৰকে ধৰি বহুতো গণ্যমান্য লোক উপস্থিত থাকে । কাৰ্যসূচীত চিলাপথাৰ ৰেছিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডনবস্কো হাইস্কুল, লৰ্ড মেকলে হাইস্কুল, চিলা জনজাতি হাইস্কুল, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, খনামুখ হাইস্কুল, সীতাৰাম টায়ে টাউন হাইস্কুল, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, এছ এফ এছ চিলাপথাৰকে ধৰি দহখন বিদ্যালয়ৰ পৰা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । নিশা দূৰবীণৰ সহায়ত ‘আকাশ চোৱাৰ হেপাহ’ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক চন্দ্ৰ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ প্ৰদৰ্শন কৰা হয়।
You might also like