নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত গাঞ্জাসহ দুজন সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ২নং মৰাণহাবি গাঁৱত কালি সাপেখাতী আৰক্ষী থানাৰ দলে অভিযান চলাই প্রায় ৩ কেজি ভাংসহ পিন্দাৰু তেলী(৬০) আৰু কিষণ লাল তেলী(৫৬) নামৰ দুটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰে। জানিব পৰা মতে, আটক কৰা ব্যক্তি দুজনে অৰুণাচলৰ পৰা চাইকেলেৰে গাঞ্জা খিনি আনি আছিল । আৰক্ষীয়ে আটক কৰা পিন্দাৰু তেলীৰ ঘৰ কলাকটা গাঁৱত আৰু কিষণ লাল তেলীৰ ঘৰ গোবিন্দপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like