নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশলৈ বৃদ্ধি; অসমত ১৪.৪ শতাংশ

  • বিগত তিনি মাহৰ ভিতৰত সর্বাধিক
  • হাৰিয়ানাত নিবনুৱাৰ হাৰ ৩০.৬
  • জম্মু–কাশ্মীৰত ২৩.৯, বিহাৰত ১৭.৩, অসমত ১৪.৪ শতাংশ
  • ছত্তিশগড়ত সর্বনিম্ন ০.১ শতাংশ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ:  দেশত নিবনুৱাৰ হাৰ বিগত তিনি মাহৰ তুলনাত বর্ধিত হৈছে৷ নৱেম্বৰ মাহত নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশলৈ বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী, চমুকৈ চি এম আই ইয়ে আজি প্রকাশ কৰা প্রতিবেদনত অক্টোবৰৰ তুলনাত নৱেম্বৰ মাহত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ অক্টোবৰত নিবনুৱাৰ হাৰ আছিল ৭.৭৭ শতাংশ৷ ইয়াৰ বিপৰীতে নৱেম্বৰত নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশলৈ বৃদ্ধি পাইছে৷ এই নিবনুৱাৰ হাৰ বৃদ্ধি হৈছে বিগত তিনি মাহৰ ভিতৰত সর্বাধিক৷

উল্লেখ্য যে চি এম আই ইৰ পূর্বৰ প্রতিবেদন মতে এপ্রিলত নিবনুৱাৰ হাৰ ৭.৮৩, মে’ত ৭.১৪, জুনত ৭.৮৩, জুলাইত ৬.৮৩, আগষ্টত ৮.২৮ আৰু অক্টোবৰত ৭.৭ শতাংশ আছিল৷ নৱেম্বৰত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ ৮.৯৬ শতাংশ হৈছে৷ ইয়াৰ ভিতৰত চহৰাঞ্চলত নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশ হোৱাৰ বিপৰীতে গ্রামাঞ্চলত বিগত মাহৰ তুলনাত সামান্য হ্রাস পাইছে৷ বিগত মাহত গ্রামাঞ্চলত ৮.০৪ শতাংশ থকাৰ বিপৰীতে নৱেম্বৰ মাহত এই নিবনুৱাৰ হাৰ ৭.৫৫ শতাংশলৈ নিম্নগামী হৈছে৷

দেশৰ বর্ধিত নিবনুৱাৰ হাৰৰ ভিতৰত হাৰিয়ানাত সর্বাধিক৷ ৰাজ্যখনত নিবনুৱাৰ হাৰ ৩০.৬ শতাংশ৷ জম্মু–কাশ্মীৰত ২৩.৯ শতাংশ, বিহাৰত ১৭.৩ শতাংশ, অসমত ১৪.০ শতাংশ, দিল্লীত ১২.৭ শতাংশ, অন্ধ্রপ্রদেশত ৯.১ শতাংশ, গোৱাত ১৩.৬, ঝাৰখণ্ড ১৪.৩, ৰাজস্থান ২৪.৫ শতাংশ৷ ৰাজ্যসমূহৰ ভিতৰত সর্বনিম্ন নিবনুৱাৰ হাৰ ছত্তিশগড়ত৷ এই ৰাজ্যখনত নিবনুৱাৰ হাৰ ০.১ শতাংশ৷ তাৎপর্যপূর্ণ যে গুজৰাট, হিমাচল প্রদেশ, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, মহাৰাষ্ট্র, মেঘালয়, ওড়িশা, পুডুচেৰী, পঞ্জাব, তামিলনাডু, তেলেংগানা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ আদি ৰাজ্যত নিবনুৱাৰ হাৰ ১০ শতাংশৰ তলত৷ উত্তৰ–পূবৰ ৰাজ্য ত্রিপুৰাত সর্বাধিক নিবনুৱাৰ হাৰ ১৪.৫ শতাংশ৷

You might also like