নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে মহকুমা পুথিভঁৰালত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে চৰাইদেউ মহকুমা পুথিভঁৰালৰ গ্রন্থাগাৰিকা সংগীতা চেতিয়াই পুৱাৰ ভাগতে বৃক্ষ ৰোপন কাৰ্যসূচীৰে পুথিভঁৰাল প্ৰাংগণত এখন সজাগতা সভাৰ শুভাৰম্ভ কৰে। এই সভাৰ মূল আলোচ্য বিষয়বস্তু আছিল “শিশুৰ মানসিক ক্ৰমবিকাশত সাধু শুনাৰ প্ৰাসংগিকতা”। অনুষ্ঠানটিৰ পৰিচলনা কৰাৰ লগতে তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী পলি বৰগোঁহাই। ১৯৪ নং সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ- ছাত্ৰীসকলে সভাত উপস্থিত থাকি সাধুকথাৰ গুৰুত্ব সম্পৰ্কে অনুধাৱন কৰে। এই অনুষ্ঠানত সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা বেগমৰ লগতে কেইবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱক উপস্থিত থাকে। ছাত্ৰ- ছাত্ৰীসকলৰ মাজৰ পৰা কেইবাগৰাকীয়ে সাধু কোৱাৰ লগতে মহকুমা পুথিভঁৰালৰ তৰফৰ পৰা একোটিকৈ উপহাৰ লাভ কৰে।
You might also like