নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন ৰাজহ মন্ত্ৰী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, ২২ জুন: “অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰিবেশ সুন্দৰ আৰু মনোমোহা হ’লেহে শিশুসকল এই কেন্দ্ৰসমূহলৈ আহিবলৈ আগ্ৰহী হ’ব। ৰাজ্য চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ স্থাপনৰ যোগেদি শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ পথ প্ৰশস্ত কৰিছে। এই পদক্ষেপৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰসমূহে দেশৰ ভবিষ্যত স্বৰূপ শিশুসকলক বৰ্তমানৰ প্ৰতিযোগিতামূলক যুগত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাৰ দিশত উৎকৃষ্ট আদিপাঠ প্ৰদান কৰিবলৈ সক্ষম হ’ব। এইক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী-সহায়িকাসকলে নিজ নিজ দায়িত্ব নিষ্ঠা সহকাৰে আৰু সেৱাৰ মনোভাৱেৰে পালন কৰিব লাগিব।” আজি চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অধীনত দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই মন্তব্য কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে। জিলাখনৰ দুটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ক্ৰমে নাৰায়ণপুৰ অংগনবাড়ী কেন্দ্ৰ আৰু বনমালি অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে শিক্ষা জাতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি ৰাজ্য চৰকাৰে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। তেওঁ লগতে অন্যান্য চৰকাৰী জনহিতকৰ আঁচনিৰ বিষয়েও উল্লেখ কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই কয় যে, ২৫ লাখ টকাকৈ ব্যয়েৰে জিলাখনত মুঠ ২২ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ১১ টা সোণাৰি আৰু ১১ টা মাহমৰা বিধানসভাত স্থাপিত হৈছে। অৱশিষ্ট আদৰ্শ অংগনবাড়ী কেন্দ্ৰকেইটাৰ নিৰ্মাণকাৰ্য অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। অংগনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীসকলৰ আধাৰ পঞ্জীয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰি তেওঁ সংশ্লিষ্ট সকলোকে শীঘ্ৰে আধাৰ পঞ্জীয়ন কৰাই তেওঁলোকৰ আধাৰ সংযোজনৰ কাম সম্পন্ন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অন্যান্য সকলো চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ আধাৰ পঞ্জীয়ন আৰু আধাৰ সংযোজন বাধ্যতামূলক বুলি উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে অংগনবাড়ী কেন্দ্ৰসমূহ সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰসমূহৰ কৰ্মী-সহায়িকাৰ লগতে পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজো সচেতন হ’ব লাগিব বুলি কয়। আজিৰ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নবী গোস্বামীয়ে।
অনুষ্ঠানত সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া প্ৰিয়ংকা টাইড, চৰাইদেউ জিলা পৰিষদৰ অধ্যক্ষ বন্তি কোঁৱৰ, সদস্য ৰাখাল কুমাৰ, সহকাৰী খণ্ড উন্নয়ণ বিষয়া ত্ৰিদীপ সোণোৱাল, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈ, বিশিষ্ট সমাজ সেৱক ক্ৰমে মন্টু কোঁৱৰ, নৱ বৰুৱা, স্মৃতি দুৱৰা, সত্যজিত গোঁহাই প্ৰমুখ্যে সোণাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক অংগনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।

প্ৰেৰক :- দীপাংকৰ পাল।

You might also like