নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত আবকাৰী অভিযান; অবৈধ সুৰা ভাটী ধ্বংস

নিয়মীয়া বাৰ্তা, ২২ জুন: চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে আজি এক অভিযান চলায়। সোণাৰি আবকাৰী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জিলাখনৰ আবকাৰী অভিযানকাৰী দলে সোণাৰিৰ সমীপৱৰ্ত্তী বাঁহবাৰী গাঁও, সন্দিকৈ চুবুৰী, পুৰণি জবকা আদি অঞ্চলত সোণাৰী আৰক্ষীৰ সহযোগত এই অভিযান চলায়। অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ৩২০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৬ টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে ২০ লিটাৰ চুলাই মদ আৰু প্ৰায় ৬০ কেজি লাউপানীৰ পাছ জব্দ কৰি নষ্ট কৰি পেলায়। অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰিবলৈ সক্ষম হয়। অভিযানৰ কালচোৱাত মুঠ ৭টা গোচৰ ৰুজু কৰা হয় বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই জানিবলৈ দিছে।

You might also like