নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ বিশেষ আদালতৰ ৰায়ঃ বিকলাংগ কিশোৰী যৌন নিৰ্যাতনকাৰীক ১০বছৰ সশ্ৰম কাৰাদণ্ড, ৫০ হাজাৰ টকা জৰিমনা

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী:  চৰাইদেউ জিলা বিশেষ আদালতে আজি এক চূড়ান্ত ৰায় ঘোষণা কৰে। বিকলাংগ কিশোৰীক যৌন নিৰ্যাতনকাৰীক চলোৱা দীপক বৰুৱাক দহ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে চৰাইদেউ বিশেষ আদালতে। মথুৰাপুৰ আৰক্ষী থানাৰ ৫৪/২০২০ চনৰ এটা গোচৰত দীপক বৰুৱাই স্থানীয় এগৰাকী বিকলাংগ কিশোৰীক যৌন নিৰ্যাতন চলাইছিল। সেই গোচৰৰ আজি অন্তিম ৰায় হিচাপে চৰাইদেউ বিশেষ আদালতে দীপক বৰুৱাক দহ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ জৰিমনা বিহে।
You might also like