নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড গ্রীষ্ম প্রবাহঃ পাৰাস্তম্ভ ৪৫ ডিগ্রী চেণ্টিগ্রেড অতিক্রমৰ দিশে দেশৰ কেইবাখনো ৰাজ্য, এলার্ট জাৰি

  • বিহাৰ, পশ্চিমবংগ, ছিকিম, ওড়িশা, অন্ধ্রপ্রদেশ, ঝাৰখণ্ড আদি ৰাজ্যত এলার্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
  • পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানতো বৃদ্ধি পাব তাপ প্রবাহ
  • ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ কেন্দ্রীয় শ্রম মন্ত্রালয়ৰ নির্দেশনা
  • শ্রমিক–বনুৱাৰ কর্মৰত সময়ত ব্যৱস্থাপনা সঠিক কৰাৰ লগতে তাপ প্রবাহৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্রহণৰ নির্দেশ

 

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: প্রচণ্ড গ্রীষ্ম প্রবাহৰ দহন চলিছে দেশত৷ পাৰাস্তম্ভ ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রমৰ দিশে আগবাঢ়িছে দেশৰ কেইবাখনো ৰাজ্য৷ বর্ধিত পাৰাস্তম্ভই গ্রীষ্ম প্রবাহৰ প্রকোপ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত এলার্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত গ্রীষ্ম প্রবাহৰ দহন পৰৱর্তী তিনি দিনলৈ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আজি এলার্ট জাৰি কৰিছে৷ গ্রীষ্ম প্রবাহে দহি থকা আৰু পৰৱর্তী তিনি দিন ধৰি দহন অব্যাহত থাকিবলগীয়া ৰাজ্যকেইখন হৈছে পশ্চিমবংগ, বিহাৰ, ছিকিম, অন্ধ্রপ্রদেশ, ওড়িশা আৰু ঝাৰখণ্ড৷

বতৰ বিজ্ঞান বিভাগৰ মতে, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আদিতো তাপমাত্রা বৃদ্ধি হৈ থাকিব৷ বিহাৰৰ ৬খন জিলাত পৰৱর্তী ৪৮ ঘণ্টাৰ কাৰণে বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে৷ বিহাৰৰ শ্বেইখপুৰাত ইতিমধ্যে সর্বোচ্চ তাপমাত্রা ৪৪ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ পশ্চিমবংগৰ শৈক্ষিক প্রতিষ্ঠানসমূহ সোমবাৰৰ পৰা শনিবাৰলৈকে বন্ধ ঘোষণা কৰিছে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ দেশৰ ৰাজধানী দিল্লীতো তাপমাত্রা ৪০.৪ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ পশ্চিমবংগ, বিহাৰ, অন্ধ্রপ্রদেশৰ উপকূলীয় অঞ্চলত ৪–৫ দিন গ্রীষ্ম প্রবাহৰ প্রকোপ চলিব৷

তেনেদৰে পঞ্জাব আৰু হাৰিয়ানাত দুদিন ধৰি গ্রীষ্ম প্রবাহে দহিব৷ এই গৰমৰ সময়ছোৱাত শিশু আৰু বৃদ্ধ লোকৰ লগতে ক্র’নিক ৰোগত আক্রান্ত লোকসকলৰ স্বাস্থ্যৰ প্রতি শংকা নমাই আনিব পাৰে৷ ইয়াৰ বাবেই প্রতিৰোধী ব্যৱস্থা হিচাপে প্রচুৰ পৰিমাণে পানী সেৱন কৰাৰ লগতে অ’আৰএছ অথবা ঘৰতে প্রস্তুত কৰা চৰবত সেৱনত গুৰুত্ব দিব লাগিব বুলি বতৰ বিজ্ঞান বিভাগে আহ্বান জনাইছে৷

উল্লেখ্য যে গ্রীষ্ম প্রবাহৰ ফলত জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় শ্রম মন্ত্রালয়ে কর্মৰত শ্রমিক–বনুৱাৰ স্বাস্থ্যক গুৰুত্ব দি প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ নির্দেশনা জাৰি কৰিছে৷ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ এই নির্দেশনা জাৰি কৰি শ্রম মন্ত্রালয়ে গ্রীষ্ম প্রবাহৰ সময়ত শ্রমিক–বনুৱাৰ ক্ষেত্রত সঠিক ব্যৱস্থাপনা গ্রহণৰ লগতে গ্রীষ্ম প্রবাহৰ সৈতে মোকাবিলা কৰাৰ বাবে কর্মসূচী নির্ধাৰণ কৰিবলৈও নির্দেশ দিছে৷

You might also like