নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত বিভিন্ন অনুষ্ঠানৰ চৌহদত চাফাই অভিযান

নিয়মীয়া বাৰ্তা,  ১ অক্টোবৰ : কামৰূপ জিলাৰ ছয়গাঁৱৰ লালমোহন চৌধুৰী শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ এক আদৰ্শমূলক পদক্ষেপ স্বৰূপে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি নিকেতনৰ প্ৰাক্তন ছাত্ৰ,পৰিচালনা সমিতিৰ লগতে আচাৰ্য-আচাৰ্যাৰ দ্বাৰা এক চাফাই অভিযান কাৰ্যসূচী আজি ৰূপায়ন কৰা হয়। এই অভিযান ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়,ছয়গাঁও আৰক্ষী থানা,ছয়গাঁও হৰি মন্দিৰ প্ৰাংগণত উদযাপিত হৈ থকা শাৰদীয় দুৰ্গা পূজা মণ্ডপৰ সন্মুখ ভাগৰ লগতে নিকেতন অভিমুখে যোৱা গড়কাপ্তানি পথটোও সাঙুৰি লোৱা হয়।এই পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।নিকেতনৰ সভাপতি শুক্লেশ্বৰ কলিতাই ভৱিষ্যতেও এনে চাফাই কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি জানিবলৈ দিছে।
You might also like