নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ধুবুৰীত তীব্ৰ বেগী বিএছএফৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে লাইটপোষ্টত 

নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: আজি মহাষষ্ঠীৰ দিনা সৌভাগ্যক্ৰমে ৰক্ষা পৰে ধুবুৰী চহৰৰ মাজমজিয়াৰ এখন ৰাজহুৱা পূজা মণ্ডপ। আজি বিয়লিৰ ফালে চহৰখনৰ ব্যস্ত জিটিবি ৰোডত এএছ,০১পি/চি০৫৭৮ নম্বৰৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ এখন বাছ আহি ৰাজপথৰ দাঁতিৰ এটা বিদ্যুৎ বিভাগৰ লাইট পোষ্টত খুন্দা মাৰে। ঘটনাটোত কাষতে থকা ‘খেৰবাৰী ক্লাৱ’ৰ ৰাজহুৱা দুৰ্গা পূজা মণ্ডপকে ধৰি কাষতে থকা কেইবাখনো দোকান কথমপি ৰক্ষা পৰে।

দুৰ্ঘটনাটোত ৰাজপথটোৰে অহা–যোৱা পথচাৰীকে ধৰি যাতায়াত কৰা অন্যান্য বাহন সৌভাগ্যক্ৰমে ৰক্ষা পৰাৰ সমান্তৰালকৈ বিএছএফৰ গাড়ীখনৰ চালককে ধৰি বাহনখনত থকা বিএছএফৰ অইন এগৰাকী বিএছএফৰ বিশেষ কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে। দুৰ্ঘটনা সংঘটিত কৰা বিএছএফৰ বাহনখনৰ চালকগৰাকী সুৰাসক্ত আছিল বুলি সন্দেহ প্ৰকাশ কৰাও পোৱা গৈছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে। দুৰ্ঘটনাটোৰ পিছ মূহুৰ্ততে যানবাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ সেই চালকগৰাকীক লৈ যোৱা বুলি প্ৰকাশ।

অমিতাভ চক্ৰৱৰ্তী,  ধুবুৰী

You might also like