নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলমগ্ন লাওখোৱা অভয়াৰণ্য, বন্যপ্ৰাণীৰ হাহাকাৰ

নিয়মীয়াা বাৰ্তা, ১৬ জুলাইঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নগাঁও জিলাৰ লাওখোৱা অভয়াৰন্যত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাত বন্যপ্ৰানীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্হাৰ ৷ অভয়াৰণ্যখনৰ প্ৰায় ৯০ শতাংশ বনভূমি ব্ৰহ্মপুত্ৰৰ বঢ়নী পানীত বুৰ যোৱাত একাংশ বন্যপ্ৰাণীয়ে অভয়াৰণ্যখনৰ ভিতৰত নিৰ্মাণ কৰা পাঁচটাকৈ হাইলেণ্ডত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশ বন্যপ্ৰাণীয়ে খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ সন্ধানত কাষৰীয় গাওঁ সমুহৰ ফালে ঢাপলি মেলিছে ৷ অভয়াৰন্যখনৰ বাহিৰলৈ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত ওলাই অহা ১৪ টাকৈ পহু আৰু দুটাকৈ কেটেলা পহু জীৱন্তে উদ্বাৰ কৰি গঞাঁ ৰাইজে বন বিভাগে ছমজাই দিয়াৰ বিপৰীতে এটাকৈ পহু আৰু গাহৰিৰ বানত মৃত্যু হৈছে ৷ অভয়াৰন্যখনৰ ভিতৰত থকা ১১ টাকৈ বন শিবিৰ ইতিমধ্য বানৰ কবলত পৰিছে ৷ অৱশ্যে বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অভয়াৰন্যখনত থকা বনবিভাগৰ বনশিবিৰৰ বনৰক্ষী সকলে স্পিটব’ট আৰু নাওলৈ দিনে নিশা চোৰাংচিকাৰ পৰা বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰখিবলৈ যাবতীয় ব্যবস্থা গ্ৰহন কৰাৰ লগতে বন্যপ্ৰাণী জনাঞ্চলত প্ৰবেশ কৰি যাতে আৰু আতংকৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহন কৰিছে ৷

You might also like