নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাকৈ–পল’ লৈ বুকলুং বিলত পৰম্পৰাগত মৎস্য চিকাৰ

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে কালিৰ দিনটো উৰুকা হিচাপে পালন কৰে৷ তিৱা লোকসকলে মাঘ মাহৰ মঙলবাৰে উৰুকা আৰু বুধবাৰে মাঘ বিহু পালন কৰে৷ তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ দিনা হাঁহে–মাহে পৰিয়ালৰ স’তে এসাঁজ খোৱাৰ উদ্দেশ্যে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠীয়াতলীৰ লগতে লংজাপ অঞ্চলৰ তিৱাসকলৰ মাজত চলে ব্যাপক আয়োজন৷ প্রতিবছৰৰ দৰে এইবাৰো ভোগালী বিহুৰ উৰুকাৰ দিনা কঠীয়াতলী বুকলুং বিলত পৰম্পৰা অনুসৰি মধ্য অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিমা কার্বি আংলং জিলাৰ শ শ লোক একত্রিত হৈ মাছ চিকাৰ কৰে৷ হাতে হাতে জাকৈ, জাল, পল’ লৈ পুৱাতে মৎস্য চিকাৰৰ উদ্দেশ্যে নামি পৰে বুকলুং বিলত আৰু অতি আনন্দৰে মৎস্য চিকাৰ কৰে৷ আজি বিহুৰ দিনা বিভিন্ন ব্যঞ্জনেৰে এসাঁজ লগে–ভাগে খোৱাৰ লগতে খেল–ধেমালি তথা জনগোষ্ঠীয় নানা ধৰণৰ ঐতিহ্যমণ্ডিত কার্যসূচী পালন কৰিব বুলি জানিব পৰা গৈছে৷

You might also like