নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰে মত বিনিময়

বিদ্যালয়ত পৰিবেশ বিষয়ক পাঠ্যক্ৰম আৰু পৰিবেশ বিষয়ক শিক্ষক নিযুক্তি দিবলৈ চৰকাৰ আহ্বান

নিয়মীয়া বাৰ্তা,২ ছেপ্টেম্বৰ:  জোনাইত  বৃহস্পতিবাৰে বিভিন্ন  কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং৷  জোনাই মহকুমাৰ অগ্ৰনী সংস্থা  টিম জ’নাই ngo ৰ উদ্যোগত আৰু জ’নাই বালিকা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ সহযোগত আয়োজন কৰা এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্বখ্যাত অৰণ্য মানৱ যাদৱ পায়েঙে৷ জ’নাই বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা জোনাই মহকুমাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰছাত্ৰী তথা শিক্ষক উপস্থিত থকা মতবিনিময় অনুষ্ঠানত অৰণ্য মানৱজনে বৰ্তমান সময়ত পৰিবেশ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে৷

বিশ্বৰ বিভিন্ন দেশত অৰণ্য মানৱ জনে পৰিবেশ সংৰক্ষণ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ   অভিজ্ঞতাৰ বিষয়েও ছাত্ৰছাত্ৰী সকলৰ আগত প্ৰকাশ কৰে৷ উক্ত মত বিনিময় অনুষ্ঠানত অৰণ্য মানৱে শিক্ষক,ছাত্ৰছাত্ৰী সকলৰ বহু কথাৰ উত্তৰ দিয়ে৷ এই মত বিনিময় অণুষ্ঠানত জোনাই মহকুমাৰ অতিৰিক্ত  সহ আয়ুক্ত প্ৰীতম কুমাৰ দাস, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ পেগু, জনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগুৰ লগতে কেবাজনো অতিথিয়ে অংশগ্ৰহণ কৰে৷

 ইয়াৰ পিছতে অৰন্য মানৱ যাদৱ পায়েং পবা সংৰক্ষিত বনাঞ্চল খন পৰিদৰ্শন কৰে৷ পবা  বনাঞ্চলত লালী নদীয়ে সৃষ্টি কৰা ব্যাপক খহনীয়াৰ  প্ৰতি লক্ষ্য ৰাখি এই খহনীয়া ৰোধ কৰাৰ বাবে  বন বিভাগ তথা ৰাইজক মকল বাঁহ ৰোপন কৰিবলৈ পৰামৰ্শ দিয়ে৷ আনহাতে অৰণ্য মানৱ জনে পবা বনাঞ্চলৰ মাটিৰ গুণাগুণ পৰীক্ষা কৰিবলৈ মাটিৰ নমুনা সংগ্ৰহ কৰে৷  স্বেচ্ছাসেৱী সংস্থা টিম জনাইয়ে এই অনুষ্ঠানতে পবা সংৰক্ষিত বনাঞ্চলক সংৰক্ষণ কৰিবৰ বাবে অতি সোনকালে ইয়াক ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উন্নিত কৰিবৰ বাবে চৰকাৰ ওচৰত দাৱী জনাবলৈ আহ্বান জনায়৷  যাৰ প্ৰতি অৰণ্য মানৱ যাদৱ পায়েংৰ সহাঁৰি জনাই এই বিষয়ে চৰকাৰক অৱগত কৰিব  বুলি আশ্বস দিয়ে ৷অৰণ্য মানৱজনে চৰকাৰক পৰিবেশ বিষয়ক পাঠ্যক্ৰম প্ৰাথমিক বিদ্যালয়ৰ ৰূপায়ন কৰি ইয়াৰ বাবে নিৰ্দিষ্ট শিক্ষক নিয়োগ কৰিবলৈ আৰু  অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যত দেখা দিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে ভাৰতীয় সেনাক দায়িত্ব দিবলৈও চৰকাৰক পৰামৰ্শ দিয়ে৷

You might also like