নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত এপাৰ্টৰ আচঁনিৰে সৰিয়হৰ তেল পেৰা উদ্যোগৰ গৃহ নিৰ্মাণৰ দুৰ্নীতি ফাদিল

 নিৰ্মিয়মাণ অৱস্থাতে পকীখুটা ভাঙি পুণৰ নিৰ্মাণৰ নিৰ্দেশ ঠিকাদাৰক

নিয়মীয়া বাৰ্তা,২ ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰিৰ বাঢ়ৈচলা গাঁৱত এপাৰ্টৰ আচঁনিৰে নিৰ্মাণ কৰা সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডৰ সৰিয়হৰ তেল পেৰা উদ্যোগৰ (কেঁচা ঘানি )গ্‌হ নিৰ্মাণত ঠিকাদাৰে চলোৱা ব্যাপক অনিয়ম ফাদিল হোৱাত ঠিকাদাৰে তেল উদ্যোগৰ ৰ্মিয়মাণ খুটা উঘালি পুণৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় ৷ ১০ ফেব্ৰুৱাৰী ২০২২ তাৰিখত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত্ৰ সাত্বাৱনে শুভাৰম্ভ কৰা আৰু লখিমপুৰ এগ্ৰি এণ্ড এলাইড প্ৰডাক্ট ইণ্ডাষ্ট্ৰী এচচিয়েশ্বন চমুকৈ লাপিয়াৰ উদ্যোগত সোৱণশিৰি এন্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডে এপাৰ্টৰ আচঁনিৰে বিশ্ব বেংকৰ ৩ কোটি ৭০ লাখ ২৭ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা তেল উদ্যোগটোৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে ব্‌হৎ পুঁজি আত্মসাৎৰ উদেশ্যে ৰাজীৱ হাজৰিকা নামৰ ঠিকাদাৰ গৰাকীয়ে চলাইছিল ব্‌হৎ লুণ্ঠন ৷

জানিব পৰা মতে বিশ্ব বেংকৰ ব্‌হৎ পুঁজিৰে নিৰ্মাণ কৰিব লগা উদ্যোগটোৰ নিৰ্বিদা লাভ কৰি ভবেন বৰা নামৰ ঠিকাদাৰ গৰাকীয়ে দ্বায়িত্ব অৰ্পণ কৰে মুনাফালোভী ঠিকাদাৰ ৰাজীৱ হাজৰিকাক ৷ হাজৰিকাই গ্‌হ নিৰ্মাণৰ আৰম্ভণিতে ব্যাপক অনিয়ম আৰু ক্ৰুটিপূৰ্ণ ভাবে অধিক মুনাফা লুটাৰ উদ্দেশ্যে ১৬ এমএমৰ ১৪ ডাল ৰ’ডৰ পৰিৱতে মাত্ৰ ৮ ডাল ৰ’দেৰে খুটা পুটি দ্ৰুতগতিত কাম আৰম্ভ কৰে ৷ এই ভয়াবহ অনিয়ম সন্দৰ্ভত ঢকুৱাখনাৰ মহকুমাধিপতি আৰু লখিমপুৰ জিলাৰ উপায়ুক্ত গৰাকীৰো জ্ঞাত হোৱাত বিষয়টো এগৰাকী পৃথক অভিযন্তাৰ জৰিয়তে তদন্ত আৰু পৰ্যবেক্ষণ কৰোৱাত প্ৰকল্পটোৰ গ্‌হ নিৰ্মাণত সীমাহীন ক্ৰুটি আৰু অনিয়ম ধৰা পৰে । পিছত সংশ্লিষ্ট বিভাগীয় এটা প্ৰতিনিধি দ’ল নিৰ্মাণস্বলীত উপস্থিত হৈ ক্ৰুটিপূৰ্ণ নিৰ্মাণ সম্পূৰ্ণ ৰূপে ভাঙি দিয়াৰ নিৰ্দেশ দি পুনৰ নতুনকৈ প্ৰাককলন অনুসৰি শীঘ্ৰে নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মীয়মান গুদাম ঘৰটোৰ সন্দৰ্ভত প্ৰকল্পৰ প্ৰাককলন প্ৰস্তুতকৰ্তা কাৰিকৰী বিশেষজ্ঞৰ সতে আলোচনা কৰি যদি প্ৰয়োজন হয় সেই নিৰ্মান কাৰ্যও ভাঙি দিয়াৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশ দিব বুলি ঠিকাদাৰক সকীয়াই দি ভৱিষ্যতে প্ৰকল্পৰ প্ৰাককলন সম্পূৰ্ণ ৰূপে অনুসৰণ কৰি নিৰ্মাণ চলাবলৈকো উচ্চ স্তৰীয় বিষয়াৰ দলটোৱে ঠিকাদাৰ গোষ্ঠীক কঠোৰ নিৰ্দেশ দিয়ে ।

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like