নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বিধ্বংসী ধুমুহাত কেবা ঠাইটো ছিঙিল বিদ্যুতৰ তাঁৰ, উভালি পৰিল খুঁটা, প্ৰকাণ্ড প্ৰকাণ্ড গছ পৰি তচনচ হ’ল বহু পৰিয়ালৰ ঘৰদুৱাৰ

নিয়মীয়া বাৰ্তা, ১৪ মে’: জোনাই মহকুমাত প্ৰচণ্ড ধুমুহা-বতাহ বৰষুণে বিভিন্ন অঞ্চলত চলালে তাণ্ডৱ৷ আচম্বিতে অহা এজাক ধুমুহাই জোনাইৰ জনজীৱন আজি মুৰ্হুততে স্তদ্ধ কৰি পেলায়। লকডাউন চলি থকাৰ বাবেই দুৰ্ঘটনা আদি সংঘটিত নহলেও হঠাতে বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাৰ ফলত জোনাইৰ বহু ঠাইত বিস্তৰ ক্ষতিগ্ৰস্ত হয়৷

তীব্ৰ বেগেৰে বৰষুণ লগতে বলা বতাহজাকৰ ফলত বিভিন্ন স্থানত গছ-গছনি ভঙাৰ উপৰিও অস্থায়ী চালিৰ লগতে বাট-পথৰ দাতিৰ হৰ্ডিং-চাইন বৰ্ড আদিয়ো উৰুৱাই নিয়ে। প্ৰায় ১৫ মিনিটৰ সময় অব্যাহত থাকে এই ধুমুহাৰ।
দিনৰ প্ৰায় ১১ বজাত অহা বৰষুণ আৰু প্ৰছণ্ড জোৰেৰে বলা বিধ্বংসী ধূমূহাই জোনাই ৰাজহ চক্ৰৰ আগাম দলুং, লৃচাং দলুং, তৰাজান, উদয়পুৰ, লাচিত নগৰ ,আদি অঞ্চলত গছ-গছনিৰ লগতে কিছু সংখ্যক ঘৰ-দুৱাৰো ভাঙি পৰে। বিশেষকৈ জোনাই গালী অঞ্চলত স্কুল ঘৰ ভাঙি ধূমূহাত আধিক ক্ষতিগ্ৰস্ত হয়। জোনাই মহকুমাত কেবাঠাইত বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত বিদ্যুৎসেৱা ব্যাহত হৈ পৰিছে।
অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও পোৱা যদিও জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় বাউণ্ডাৰী ৱালৰ লগতে প্ৰকাণ্ড গছজোপাই বিদ্যূতৰ লাইনত পৰি যোৱাৰ ফলত খুঁটা উভালি পৰাত বিশেষকৈ তেলাম আৰু বাহিৰ জোনাই অঞ্চলটোত বিদ্যুত সেৱা ব্যাহত থাকিব জোনাই মহকুমা বিদ্যুৎ বিভাগে জানিব দিছে৷

You might also like