নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ ক’ভিড সংক্ৰমিত চাহ বাগিছাৰ পৰিস্হিতিৰ বুজ ল’লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণ, বিধায়ক তেৰছ গোৱালাই

চাহ বাগিছাত নতুন এচ অ' পিৰ প্ৰৱৰ্তনৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা , ১৪ মে‘: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কৃষাণে আজি দুলীয়াজান বিধানসভা সমষ্টিৰ ক’ভিড সংক্ৰমিত চাহ বাগিছা সমূহ পৰ্য্যবেক্ষণ কৰা লগতে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি তৎকালীন যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। আজি কেন্দ্ৰীয় খাদ্য আৰু সংশাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ সৈতে শ্ৰমমন্ত্ৰী সঞ্জয় কৃষাণে জালনী চাহ বাগিচা, মায়াজান, শান্তি আৰু পুৰণি ডিৰিয়াল চাহ বাগিছা পৰিদৰ্শন কৰি ক’ভিড সম্পৰ্কীয় পৰিস্হিতিৰ বুজ লোৱাৰ লগতে অন্যান্য চাহ বাগিছাসমূহলৈও ক’ভিডৰ দ্ৰুত সংক্ৰমণ ঘটি ভয়ংকৰ পৰিৱেশৰ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি অধিক সচেষ্ট হ’বলৈ বাগিছাৰ পৰিচালন ব্যৱস্হাক আহ্বান জনাইছে ।

ইফালে পৰিস্হিতিৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে চাহ বাগিছা সমূহৰ ক্ষেত্ৰত নতুন এচ অ’ পি কাৰ্যকৰী কৰাৰ সম্ভাৱনা কথাও ব্যক্ত কৰিছে শ্ৰমমন্ত্ৰী সঞ্জয় কৃষাণে । ইফালে আজিৰ দিনটোত বৃহত্তৰ দুলীয়াজানত ৪৮৩ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষাৰ বিপৰীতে ৫৬ গৰাকী পজিটিভ ৰোগী চিনাক্ত হৈছে । ইয়াৰে জুটুলীবাৰী চাহ বাগিচাত ৯ গৰাকী, ডিৰিয়ালত ১ গৰাকী, ভাদৈ পাঁচআলিত ১১ গৰাকী, বিহুতলীত ৪ গৰাকী, টেঙাখাটত ৩ গৰাকী, চিচিয়া বকুলনীত ১৫ গৰাকী আৰু অইল হাস্পতালত ১৩ গৰাকী ক’ভিড পজিটিভ ধৰা পৰিছে ।

You might also like