নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ তেলামত গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ উদ্যোগত, ছেভ দা চিলড্ৰেনৰ সহযোগত, নকিয়াৰ অৰ্থ সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ধেমাজি জিলাৰ চিলাপথাৰৰ অকাজানস্থিত গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰ (আৰভিচি)ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান ছেভ দা চিলড্ৰেনৰ সহযোগত আৰু নকিয়াৰ অৰ্থ সাহাৰ্য্যত ক’ভিড-১৯ মহামাৰীৰ ফলত লক ডাউনৰ বাবে জুৰুলা হোৱা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে ক’ভিড-১৯ মানৱীয় সঁহাৰি-২০২০ কাৰ্যসূচী ৰূপায়ণৰ কাম হাতত লৈ আহিছে।

এই কাৰ্যসূচীৰ অধীনত শনিবাৰে জোনাইৰ তেলামৰ ১ নং নেপালী গাঁৱৰ ৭৭ টা পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে হয় গাঁৱখনৰ ২৫ গৰাকী গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ মাজত স্বাস্থ্যসন্মত সামগ্ৰী বিতৰণ কৰা হয়। প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ মাজত ২৫ কেজি চাউল, এক কেজি ৰহৰ দাইল, এক কেজি মগু দাইল, দুই লিটাৰ সৰিয়হৰ মিঠাতেল, নিমখ দুই কেজি, চেনি দুই কেজি, ধনিয়া গুড়ি এশ গ্ৰাম, হালধি এশ গ্ৰাম, জলকীয়া গুড়ি এশ গ্ৰাম, পিয়াঁজ তিনি কেজি, আলু পাঁচ কেজিকৈ বিতৰণ কৰা হয়। লগতে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ সকলৰ মাজত চেনিটেৰি নেপকিন, চাৰ্ফ, চাবোন, মজিয়া চাফা কৰা দ্ৰব্য, হেণ্ড চেনিটাইজাৰ বিতৰণ কৰা হয় ।

জোনাই তেলামৰ ১ নং নেপালী গাঁৱৰ অৰিয়েন্টল ইংলিছ স্কুলত অনুষ্ঠিত কৰা খাদ্য আৰু স্বাস্থ্যসন্মত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি আৰভিচিৰ সঞ্চালক লুইত গোস্বামীয়ে কয় ক’ভিড-১৯ ৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে ৰূপায়ণ কৰা লক ডাউনৰ সময়ছোৱাত সমাজৰ বহু লোকে সমস্যাৰ সন্মুখীন হবলগা হৈছে।

দৈনিক হাজিৰা কৰি চলা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ লগতে বহিঃ ৰাজ্যৰ পৰা ঘূৰি অহা বহু দুখীয়া মানুহৰ পৰিয়ালৰ জীৱনলৈ সকাহ দিয়াৰ উদ্দেশ্যেৰে আৰভিচিৰ উদ্যোগত ছেভ দা চিলড্ৰেনৰ সহযোগত আৰু নকিয়াৰ অৰ্থ সাহাৰ্য্যত ক’ভিড-১৯ মানৱীয় সঁহাৰি ২০২০
আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি কৈ এই আঁচনিৰ অধীনত ধেমাজি জিলাৰ চিচি বৰগাওঁ আৰু মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত বিশখন গাঁৱৰ তিনি হাজাৰ পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰী আৰু এহেজা

ৰ গৰাকী গৰ্ভৱতী আৰু প্ৰসূতি মাতৃক স্বাস্থ্যসন্মত সামগ্ৰী বিতৰণৰ লক্ষ্য বান্ধি লোৱা হৈছে। ইতিমধ্যে অকাজান মিৰি,অকাজান বাঙালী, বৰমূঢ়ীয়া দেউৰী, কুলামুৱা বাঙালী, তেলাম নেপালী, আয়েঙ্গীয়া বালি,কৰৈবাৰী,লামা বৰগড়া,দিছমুৰ হিন্দু, দাব্লাং পাতিৰি, মিচিংপুৰ, মেম্বাৰ চুক,
মিলনপুৰ, তেলাম লক্ষীপুৰ, গেলুৱা গাওঁ, গেলুৱা মিৰি পথাৰ গাঁৱৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰী আৰু স্বাস্থ্যসন্মত সামগ্ৰী বিতৰণৰ কাম সম্পূৰ্ণ কৰি তুলিছে আৰু দুই এদিনৰ ভিতৰতে লাইমেকুৰীৰ মাজুলীপুৰ আৰু টাক’ মিৰি গাঁৱত এই কাৰ্য্যসূচী হাতত লোৱা হব বুলি কয় আৰভিচিৰ সঞ্চালক লুইত গোস্বামীয়ে। লক ডাউন প্ৰভাৱত জুৰুলা হোৱা দুখীয়া পৰিয়ালৰ মাজত এই সামগ্ৰী শৃংখলাবদ্ধভাবে বিতৰণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন,স্থানীয় পঞ্চায়তৰ প্ৰতিনিধি, গাওঁবুঢ়াৰ লগতে সংবাদসেৱী সকলেও গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়ায় বুলি মন্তব্য আগবঢ়ায়। আজিৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত আৰভিচিৰ সম্পাদক ধৰ্মৰাজ কাৰ্কী, গাণনিক কৃঞ্চ ছেত্ৰী, ক্ষেত্ৰ সমন্বয়ক দিলিপ মিলি, ব্যৱস্থাপক ব্ৰজ্ব দেউৰী, খণ্ড সমন্বয়ক গডউইন হেমব্ৰম, বৃন্দাবন বৰুৱা, কৰ্মী দিকামায়া গিৰি,কৌশল্যা থাপা উপস্থিত থাকি সহযোগ আগবঢ়ায়।

You might also like