নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ লুইতেৰে বাংলাদেশলৈ পশুধন সৰবৰাহ কৰাৰ তৎপৰতা অব্যাহত পশুধনৰ চোৰাং ব্যৱসায়ী  চক্ৰৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ যাত্ৰাপুৰৰ পৰা নিয়ন্ত্ৰিত হয় নামনি অসমৰ গৰুৰ চোৰাং বেহাকে ধৰি ধনৰ লেন–দেন। বাংলাদেশৰ নবী, হাৰুণ, দুলাল, আলম, নাছিৰ, ডিম আলম আদিকে ধৰি অইন কেইবাজনো প্ৰতাক্ষভাৱে জড়িত হৈ আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত সক্ৰিয় চোৰাং গো–ব্যৱসায়ী চক্ৰটোৰ সৈতে। নাম প্ৰকাশত অনিচ্ছুক এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰি কৰিছে এই চাঞ্চল্যকৰ তথ্য। মাজত বাংলাদেশলৈ গৰু সৰবৰাহৰ মাত্ৰা বহু পৰিমাণে কমিছিল যদিও শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদীপথ ব্যৱহাৰ কৰি বাংলাদেশলৈ গোপনে পশুধন সৰবৰাহ কৰাৰ তৎপৰতা আৰম্ভ হোৱা বুলিও দাৱী কৰিছে সূত্ৰটোৱে। সূত্ৰটোৰ দাৱী অনুসৰি ঈদৰ পূৰ্বে বাংলাদেশলৈ ব্যাপক হাৰত গৰু সৰবৰাহ হৈছিল যদিও ঈদৰ পিছত সাময়িক ভাৱে বন্ধ থাকিলেও বৰ্তমানে পুনৰ বাংলাদেশলৈ চোৰাংকৈ গৰু সৰবৰাহ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। সূত্ৰটোৰ সেই দাৱীক সত্য প্ৰমাণিত কৰি বিগত ৯ জুলাইৰ দিনা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীয়ে ৩০টাকৈ গৰু উদ্ধাৰ কৰাৰ বিপৰীতে যোৱা শুক্ৰবাৰ, অৰ্থ্যাৎ ২৯ জুলাইৰ দিনাও জিলাখনৰ আৰক্ষীয়ে বাংলাদেশলৈ গোপনে সৰবৰাহ কৰিবলৈ অনা ২৪টাকৈ ম’হ জব্দ কৰাৰ বুলি জানিব পৰা গৈছে। ইপিনে বাংলাদেশলৈ চোৰাংকৈ পশুধন সৰবৰাহ কৰা চক্ৰসমূহে সাধাৰণতে ব্যৱহাৰ কৰি অহা নদীপথৰ সন্দৰ্ভে সূত্ৰটোৱে জনাইছে কেতবোৰ বিশেষ তথ্য। জানিব পৰা মতে, জলেশ্বৰ অঞ্চলৰ পৰা নদীপথেদি সংগোপনে ফকিৰগঞ্জ –বিৰশিং হাজিপাৰা–পাটাকাটা –হাজিৰহাট –শুকচৰ –ভেৰামাৰা–বৰাইৰ আলগা –শিশুমাৰাৰ সমীপেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰইদি ইঞ্জিন চালিত নাওেঁৰে বাংলাদেশলৈ নিয়া হয় পশুধন। ঠিক অনুৰূপে জলেশ্বৰ অঞ্চলৰ ভিতৰুৱা কেইটামান অঞ্চলৰ পৰা ফকিৰগঞ্জ –বিৰশিং –পোৰাৰ চৰ –মুঠাখাৱা–কলাইচৰ বাৰী–বেৰভাংগীৰ সমীপৰ নদীপথো ব্যৱহাৰ কৰে পশুধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰে। শেহতীয়াকৈ ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰৰ ভোগডোহৰ অঞ্চলৰ কেতবোৰ দূৰ্গম নদীপথেৰেও চোৰাং গো–সৰবৰাহ আৰম্ভ হোৱা বুলিও সন্দেহ কৰা হৈছে। সূত্ৰটোৰ দাৱী অনুসৰি, বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ মূলতঃ সাহেবেৰ আলগা, আইৰমাৰী, দৈখোৱা, ৰোলাকাটা, পাখিউৰা আদি অঞ্চললৈ অনাৰ পিছত সেই পশুধনসমূহ জিলাখনৰ যাত্ৰাপুৰ বজাৰলৈ অনা হয় আৰু তাতেই নগদ, বেংক অথৱা হাৱালাৰে ধনৰ লেন–দেন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। উল্লেখ্য যে, শেহতীয়াকৈ বাংলাদেশৰ পশুহাটবোৰৰ অধিকাংশতে ভাৰতীয় গোধনৰ মূল্য পূৰ্বৰ তুলনাত বহুলাংশে হ্ৰাস পোৱা বুলিও জানিব পৰা গৈছেপ। অৱশ্যে বাংলাদেশত এতিয়া ভাৰতীয় সৰু আকৃতিৰ গৰুৰ চাহিদা আছে আৰু ভাৰতীয় মূল্যৰ তিনিগুণ দামত এনে গৰু বাংলাদেশৰ চোৰাং বজাৰত বিক্ৰী হৈ থকা বুলি প্ৰকাশ। আনহাতে ডাঙৰ আকৃতিৰ গৰুৰ বৰ্তমান বাংলাদেশী দৰ হ’ল মোন প্ৰতি অৰ্থ্যাৎ প্ৰতি ৪০ কিলোগ্ৰামত ২২ হাজাৰ টকা। আনহাতে ম’হৰ বাংলাদেশী দৰ হ’ল মোন প্ৰতি ২৫ হাজাৰ টকা। ইফালে নকল ভাৰতীয় মুদ্ৰাৰ সৈতে জড়িত চক্ৰবোৰকে ধৰি বাংলাদেশত সক্ৰিয় ভাৰত বিৰোধী মৌলবাদী গোষ্ঠীসমূহে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰৰ সৈতে সুসম্পৰ্ক থকাৰ এক সন্দেহো আছে আৰু এনে প্ৰেক্ষাপটত ৰাজ্যত ভাৰত–বাংলাদেশ সংযোগী উন্মুক্ত নদী সীমান্তৰ একাংশ অঞ্চলেদি পশুধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰৰ সম্পূৰ্ণৰূপে উৎখাত কৰাৰ প্ৰয়োজনীয়তা থকা বুলিয়েই কিন্তু উচ্চাৰিত হৈছে।

You might also like