নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাইগাঁৱত কেন্দ্ৰীয় ৰঙালী বিহুঃ শতাধিক বয়োজেষ্ঠ লোকক সম্বৰ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ চিৰাং জিলাৰ নিকটৱৰ্তী তথা বঙাইগাঁও জিলাৰ অন্তৰ্গত টেঙাইগাঁৱত ১৯ আৰু ২০ এপ্ৰিল (৫ আৰু ৬)বহাগত দূদিনীয়কৈ অসমৰ বাপতি সাহোন ৰঙালী বিহুটি পালনৰ আয়োজন চলোৱা হৈছে । প্ৰথম দিনা ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন,স্মৃতি তৰ্পন, আকৰ্ষীয় খেল-ধেমালি প্ৰতিযোগিতা, ভেশচন প্ৰতিযোগিতাৰ মাজতে টেঙাইগাঁও, তিলপুখুৰী গাঁৱৰ প্ৰায় শতাধিক বিশিষ্ট বয়োজেষ্ঠ পুৰুষ-মহিলাক ফুলাম গামোছাৰে উস্ম সম্বৰ্ধনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে বিহু সমিতিয়ে । বিহু সমিতিৰ এনে কাৰ্যত বয়োজেষ্ঠ ব্যক্তি সকল আপ্লুত হৈ পৰে । সন্ধিয়া প্ৰতিকূল বতৰকো নেওচি স্থানীয় ন-পুৰণি শিল্পীৰ লগতে বেবী কুইন আৰু ধৃতিমানে সকলোকে আপ্লুত কৰি গীত পৰিবেশন কৰে । ইয়াৰ প্ৰাক মূহুৰ্তত মঞ্চ উদ্ধোধন কৰে বঙাইগাঁও জিলা কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ৰামেশ্বৰ চৌধুৰীয়ে । বন্তি প্ৰজ্বলন কৰে যথাক্ৰমে ডাংতল গাঁও পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহ আৰু প্ৰাক্তন সভানেত্ৰী জোৎস্না সিংহই ।

আজি দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব কমতাপুৰ অটোনমাচ কাউণ্সিল(কে এ চি)ৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনে । সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নিলম নয়না, ৰমেন ৰাজ শৰ্মা, কবিতা শইকীয়া শীল আৰু বাবু । তেওঁলোকে আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিবেশন কৰিব । প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচী সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতাত সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় টেঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি জয়ন্ত কুমাৰ চৌধুৰী, সম্পাদক নৰেন্দ্ৰ বৰ্মন আৰু সমিতিৰ অন্যতম সক্ৰিয় বিশিষ্ট ব্যক্তি, শিক্ষক মহেন্দ্ৰ বৰ্মনে ।

You might also like