নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নি জৰুৰীকালীন সেৱাত ৯ পদ

 অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ অধীনত অগ্নি আৰু জৰুৰীকালীন সেৱা(Fire & Emergency Service, Assam)ত খালী হৈছে Station Officerৰ ৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি APSC Under Secretary-এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ মুঠ পদ ৯ ভিতৰত অসংৰক্ষিত ৩, অ’বিচি/এম’বিচিৰ ৩, এছ টি–পিৰ ১ আৰু এছ টি–এইচৰ ১ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১ পদ সংৰক্ষিত থাকিব৷Station Officer পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/Institutionৰ পৰাPhysics, Chemistry, Mathematics বিষয়সহB.Sc. (Science)ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই পি বি–২ৰ আধাৰত মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকা লাভ কৰিব বয়স ১ জানুৱাৰী, ২০২২লৈ ২০–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছ চি, এছ টি, অ’বিচি আৰু এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা আৰু দিব্যাংগ, দাৰিদ্র্য সীমাৰেখাৰ তলৰ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷

অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ ১৮০০–২১২–১১–৮৮–৬৬ৰ সহায় ল’ব পাৰে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ মে’, ২০২২৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected] /হেল্পলাইন নম্বৰ ১৮০০–৫৭২–২৩–৪৩ত যোগাযোগ কৰিব পাৰে৷

You might also like