নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ কমলা কলিতা মুর্দাবাদ ধ্বনিৰে উত্তাল পলাশবাৰীৰ বৰিহাট

মহিলা–যুৱ বিজেপি কর্মীৰ ৰোষত পৰিল অগপৰ প্রাক্তন মন্ত্রী

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ডাঃ কমলাকান্ত কলিতা মুর্দাবাদ, ভূ–মাফিয়া কমলা কলিতা হুঁচিয়াৰ, পচা কমলা গ’ বেক, খেদ ঐ খেদ পচা কমলাক খেদ, চোৰ ঐ চোৰ কমলা চোৰ, পলাশবাৰী অগপ ধ্বংসকাৰী কমলাৰ মাফিয়াৰাজ নচলিব আদি ধ্বনি দি আজি পলাশবাৰী সমষ্টিৰ বৰিহাট উত্তাল কৰি তোলে অঞ্চলটোৰ বিজেপিৰ মহিলা আৰু একাংশ যুৱ বিজেপিৰ কর্মীয়ে৷ কিয়নো আজি পলাশবাৰী সমষ্টিৰ বৰিহাটত অগপৰ আমৰাংগা আঞ্চলিকৰ উদ্যোগত আমৰাংগা বৰিহাটস্থিত ত্রিধাৰা আঞ্চলিক কলা সংঘৰ প্রেক্ষাগৃহত এখন সভা অনুষ্ঠিত হৈছিল৷ অগপ নেতা ভূষণ দাসে সভাপতিত্ব কৰা আৰু অগপৰ আমৰাংগা আঞ্চলিকৰ সভাপতি বসন্ত কুমাৰ দাসে আঁত ধৰা সভাত অগপৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক কমলা কলিতাই অংশগ্রহণ কৰে৷ কমলা কলিতাৰ আগমনৰ কথা জানিব পাৰি বিসম্বাদী শিবিৰৰ হৈ তেওঁলোকে এই প্রতিবাদ জনায়৷ ইপিনে সভাত ভাগ লৈ কমলা কলিতাই আঞ্চলিকতাবাদী দল অগপৰ প্রতি ৰাইজক আকৃষ্ট হ’বলৈ আহ্বান জনায়৷ আঞ্চলিকতাবাদ অবিহনে অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি তেওঁ দাবী কৰে৷ এই সভা অনুষ্ঠিত হোৱাৰ পূর্বৰ পৰাই আমৰাংগা বৰিহাট মিনি ষ্টেডিয়ামত ৰৈ থকা বিজেপিৰ মহিলা আৰু যুৱ বিজেপিৰ লোকসকলে কলা সংঘত কমলাৰ সভা আৰম্ভ হোৱাৰ লগে লগে পুনৰ সংঘৰ কাষেৰে যোৱা মির্জা চানডুবি পথৰ সন্মুখত উত্তাল প্রতিবাদ কৰি একপ্রকাৰ কমলা কলিতাৰ সভাখন অস্থিৰ কৰি তোলে৷ কিছু সময় পিছত সভা শেষ হয় যদিও কমলা কলিতা গুচি নোযোৱালৈকে উক্ত স্থানত প্রতিবাদ অব্যাহত থাকে৷ প্রতিবাদত কামৰূপ জিলা যুৱ মর্চাৰ মহাবিদ্যালয় আউটৰিচ পৰিদর্শক নৃপেন কলিতাই কমলা কলিতাক ভূ–মাফিয়া আখ্যাৰে কটুভাষাৰে সমালোচনা কৰাই নহয়, ভৱিষ্যৎ কোনো কাৰণতে বৰিহাট অঞ্চলত ডাঃ কলিতাই সভা–সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়ে৷ যুৱ বিজেপি নিবাৰণ দাসে কয় কমলা কলিতাই পলাশবাৰী অগপ ধ্বংসকাৰী৷ বর্তমান কমলাই পলাশবাৰী অগপক উদ্ধাৰ কৰিবলৈ অহাটো হাস্যকৰ কথা৷ বিজেপি মহিলা কল্পনা কাকতিয়ে তেওঁক সূতা–লেতাৰ ৰাজনীতি বন্ধ কৰিবলৈ কয়৷ ছয়গাঁৱত ভেটি হেৰুৱাই পলাশবাৰীলৈ আগমন ঘটা কার্য শীঘ্রে বন্ধ কৰিবলৈ কয়৷ লগতে বিজেপিৰ আমৰাংগা মণ্ডলৰ সভাপতি নগেন দাস, বিজেপি নেতা দীপক দাস, হেম কলিতা, প্রফুল্ল দাসকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে৷ বিপৰীতে কমলাৰ সভাত মানুহৰ সমাগম কম হোৱা দেখা যায়৷ আনহাতে কমলা কলিতা গুচি যোৱাৰ সময়ত সমৱেত প্রতিবাদকাৰীসকলে তেওঁৰ কনভয়ত বাধা প্রদান কৰে যদিও উচ্চহাৰত ছাইৰেন বজাই গুচি যায় কমলা কলিতাবাহিনী৷

You might also like