নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২খন বজাৰৰ আন্তঃগাঁথনি উন্নয়নত ব্যর্থ জিএমচি

পৌৰ নিগম কর্তৃপক্ষৰ অৱহেলাঃ প্রতিবছৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ স্মার্ট চিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীৰ উন্নয়নত ব্যর্থ হৈছে জি এম ডি এ আৰু জি এম চি কর্তৃপক্ষ৷ মহানগৰীৰ সর্বাংগীণ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা এই বিভাগ দুটাৰ বিষয়া–কর্মচাৰীৰ অৱহেলা আৰু অদূৰদর্শিতাৰ বাবে উন্নয়ন স্থবিৰ হোৱাৰ লগতে প্রতিবছৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ বিশেষকৈ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জি এম চিৰ অধীনত থকা ১২খনকৈ বজাৰৰ আন্তঃগাঁথনি আজিও উন্নত নহ’ল৷ বিজ্ঞান আৰু তথ্য–প্রযুক্তিবিদ্যাৰ্ যুগতো জৰাজীর্ণ গৃহত বছৰৰ পাছত বছৰ ধৰি মহানগৰীৰ বিভিন্ন স্থানত থকা জি এম চিৰ অধীনস্থ বজাৰসমূহত ব্যৱসায় কৰিবলগীয়া হৈছে ক্ষুদ্র ব্যৱসায়ীসকলে৷ পৌৰ নিগমৰ অধীনস্থ বজাৰকেইখন ক্রমে ফাঁচীবজাৰ, এম এছ ৰোডৰ নিউ বজাৰ, গণেশগুৰি, পল্টনবজাৰ, উজানবজাৰ, চানমাৰি উৰণীয়া সেতুৰ তল, চানমাৰি কলনী বজাৰ আৰু উলুবাৰী বজাৰ৷ পৌৰ নিগম কর্তৃপক্ষই যোৱা ২১ জুলাইত এক নির্দেশযোগে ১ আগষ্টৰ পৰা কার্যকৰী হোৱাকৈ এই বজাৰকেইখনৰ কৰৰ নিৰিখ বৃদ্ধি কৰে৷ নতুন নিৰিখ অনুসৰি ফাঁচীবজাৰৰ জি এম চি মার্কেটৰ গ্রাউণ্ড ফ্ল’ৰৰ প্রতিবর্গ ফুটত ৩৮ টকা, প্রথম মহলা আৰু দ্বিতীয় মহলাত ২৫ টকা, এম এছ ৰোডৰ নিউ মার্কেটত প্রতিবর্গ ফুটত ৩৮ টকা, গণেশগুৰি, ফটাশিল আমবাৰী, পল্টনবজাৰ আৰু দিছপুৰ ছুপাৰ মার্কেটৰ প্রতি বর্গফুটত ২০ টকা, উজানবজাৰ, চানমাৰি উৰণীয়া সেতু, চানমাৰি কলনী বজাৰত প্রতি বর্গফুটত ১২ টকা আৰু উলুবাৰী বজাৰত প্রতি বর্গফুটত ১৫ টকাকৈ কৰ নির্ধাৰণ কৰে৷ জি এম চিৰ অধীনস্থ বেতকুছি পাইকাৰী মাছ বজাৰ আৰু শান্তিপুৰ ভূতনাথৰ বাঁহৰ বজাৰৰ কৰৰ নিৰিখ পূর্বৰ দৰে ৰাখে৷ পৌৰ নিগম কর্তৃপক্ষই কৰৰ নিৰিখ বৃদ্ধি কৰিলেও পুৰণিকলীয়া জৰাজীর্ণ গৃহতে ব্যৱসায়ীসকলে ব্যৱসায় চলাই আহিবলগীয়া হৈছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই গণেশগুৰি, উলুবাৰী, ফটাশিল আমবাৰী আৰু ৰূপনগৰৰ বজাৰগৃহ নির্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজিও এই বজাৰগৃহকেইটাৰ নির্মাণ সম্পূর্ণ হোৱা নাই৷ পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবেই এই চাৰিখন বজাৰগৃহৰ নির্মাণ সম্পূর্ণ হোৱা নাই বুলি ব্যৱসায়ীসকলে অভিযোগ কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ গোপন বুজাবুজিৰ বাবেই ২০১৫ চনতে আৰম্ভ কৰা বজাৰগৃহ নির্মাণৰ কাম ৫ বছৰে সম্পূর্ণ নহ’ল৷ উলুবাৰী বজাৰগৃহৰ ৭০ শতাংশহে নির্মাণ সম্পূর্ণ হৈছে৷ পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ মাজমজিয়াৰ এই বজাৰকেইখনৰ আধৰুৱা বজাৰগৃহই মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷ আধৰুৱা হৈ থকা জি এম চিৰ বজাৰগৃহসমূহ একাংশ লোকে মদ–জুৱাৰ আড্ডাস্থলীত পৰিণত কৰাৰ বিপৰীতে একাংশই আকৌ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ শীঘ্রে মহানগৰীৰ বজাৰকেইখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে ব্যৱসায়ীসকলে৷

You might also like