নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত প’ষ্টেল এম্প্লইজ ইউনিয়ন অসম আৰু উত্তৰ-পূৱ চক্ৰৰ ৩৭তম যুটীয়া অধিবেশন

নিয়মীয়া বাৰ্তা, ১০ জুনঃ প’ষ্টেল এম্প্লইজ ইউনিয়ন অসম আৰু উত্তৰ-পূৱ চক্ৰৰ ৩৭তম যুটীয়া অধীবেশনখনি ডিব্ৰুগড়স্থিত বৈৰাগীমঠৰ “টাই শিক্ষা আৰু সংস্কৃতি কেন্দ্ৰ”ত তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ৯ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।’নেচনেল ফেডাৰেচন অৱ প’ষ্টেল এম্প্লয়ীজৰ উপ-সচিব প্ৰধান কমৰেড্  ডি. বি. মহান্তি আৰু অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী কমৰেড্ মৌচুমী মজুমদাৰে পতাকা উত্তোলনৰ জৰিয়তে তিনি দিনীয়া কাৰ্যসূচীৰে অধিবেশনখনিৰ শুভাৰম্ভ কৰা হয়।ডিব্ৰগড়ৰ ডাক সংমণ্ডলৰ ডাক কৰ্মী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনৰে মুকুলি সভা আৰম্ভ হয় য’ত অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিশিষ্ট পণ্ডিত ডক্টৰ লীলা কান্ত নাথ, ডি. এইচ. এচ. কে. কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা কৰ্মপ্ৰাণ ডক্টৰ শশীকান্ত শইকীয়া, আৰচিচি ৰ আহ্বায়ক কমৰেড গৰ্গ তালুকদাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ  বিশিষ্ট ব্যক্তি সকলৰ লগতে ডাক বিভাগৰ বিষয়া-কৰ্মচাৰীসকল।

ডাক বিভাগৰ অসম আৰু উত্তৰ-পূৱ চক্ৰৰ প্ৰায় ৩০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা ডাকবিভাগৰ এই কৰ্মচাৰী অধিবেশনৰ লগত সংগতি ৰাখি এখনি স্মৰণিকাও প্ৰকাশ কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ অধ্যয়নপুষ্ট ডাক-কৰ্মী সকলে লিখা ঊনৈশতা বিভিন্ন বিষয়ৰ তথ্য সমৃদ্ধ প্ৰবন্ধ, দুটা উচ্চস্বাদবিশিষ্ট গল্প আৰু তেৰটা ৰসপূৰ্ণ তথা মানবিশিষ্ট কবিতাৰে পুষ্ট, পাঠকৰ বাবে চিন্তাৰ সমল থকা স্মৰণিকাখনি সুন্দৰকৈ সম্পাদনা উলিয়াইছে বুদ্ধি বিৰেন্দ্ৰ কুমাৰ দাসে।এই স্মৰণিকাখনি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ লীলা কান্ত নাথে। গাম্ভীৰ্যপূৰ্ণ সভাখনিক ডি. এইচ. এচ. কে. কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মপ্ৰাণ ডক্টৰ শশীকান্ত শইকীয়াৰ সুন্দৰ বক্তৃতাই আৰু অধিক প্ৰাণৱন্ত কৰি তুলিলে। সভাত মুখ্য বক্তা ৰূপে নেচনেল ফেডাৰেচন অৱ প’ষ্টেল এম্প্লয়ীজৰ উপ-সচিব প্ৰধান কমৰেড ডি. বি. মহান্তি বিশেষভাবে উপস্থিত থাকে।ডাক বিভাগৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা ডাকবিভাগৰ কৰ্মচাৰীসকলৰ এই অধিবেশনখন ডাককৰ্মীসকলৰ সৰ্বভাৰতীয় ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত অতিকে প্ৰণালীবদ্ধভাৱে অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।

ডিব্ৰুগড়, ধেমাজি আৰু লক্ষীমপুৰৰ ডাক-কৰ্মীসকলে ইয়াত প্ৰাণঢালি সহযোগীতা আগবঢ়োৱাটো অতিকৈ শলাগনীয়ভাৱে পৰিস্ফুট হৈছে।অহা ১১ জুন ২০২২ তাৰিখে তাই শিক্ষা সংস্কৃতিক কেন্দ্ৰত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত ভাস্কৰ অপস্বেল আৰু কেইবাজনো বিশিষ্ট কলা কুশলীয়ে অংশ গ্ৰহন কৰাৰ কথা।সেয়ে অভ্যৰ্থনা সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like