নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত প্ৰথমটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি বিধায়ক নৱ কুমাৰ দলেৰ

 

নিয়মীয়া বাৰ্তা,১৪ আগষ্ট-অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি আজি ১০০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কাৰ্যসূচীৰ অংশ হিচাপে ঢকুৱাখনা সমষ্টিৰ প্ৰথমটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। ঢকুৱাখনা সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত নামনি আলিমূৰ দাংধৰা অংগনবাড়ী কেন্দ্ৰটোক ন-ৰূপত আতক ধুনীয়াকৈ আদৰ্শ কেন্দ্ৰ ৰুপে নিৰ্মাণ সম্পূৰ্ণ কৰি আজি শুভাৰম্ভ কৰা হয় ৷ ঢকুৱাখনাৰ সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ কেন্দ্ৰটো উদ্ধোধন কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জনাই অনাগত দিনত সমষ্টিটোৰ প্ৰতিটো কেন্দ্ৰ আদৰ্শ কেন্দ্ৰলৈ ৰুপায়ন কৰা হ’ব বুলি জানিবলৈ দিয়ে।বিধায়ক গৰাকীয়ে আদৰ্শ কেন্দ্ৰসমূহৰ দ্বাৰা অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বুনিয়াদী শিক্ষা আৰু বিকাশৰ ধাৰা শক্তিশালী হব বুলি মন্তব্য কৰে। আদৰ্শ কেন্দ্ৰটোৰ জৰিয়তে শিশুসকলে অধ্যয়ণৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰাৰ লগতে পুষ্টি আৰু খেলাৰ সা-সুবিধাৰ উপৰিও শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰাই থকা মহিলাসকলৰ সামগ্ৰিক বিকাশ আৰু পৰ্যাপ্ত পুষ্টি যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসমৰ ১২৬ টা সমষ্টিত নিৰ্মাণ হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰ। ইয়াৰে ঢকুৱাখনা সমষ্টিত আবন্টন হোৱা ১২টা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈ আছে। শুভাৰম্ভণিৰ সময়ত ঢকুৱাখনাৰ অৰিন্দম বৰুৱা, ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া মানৱজ্যোতি দাস,কণিষ্ঠ অভিযন্তা পৰাগজ্যোতি বৰা,ঢকুৱাখনা প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্ঞান দীপ মহন্ত, খণ্ড সমন্বয়ক সত্যজিৎ সোণোৱাল ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলেৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

*প্ৰেৰক পুলকজ্যোতি বৰা*

You might also like