নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা শিক্ষক-কৰ্মচাৰী পৰিষদৰ সভাপতি জেষ্ঠ শিক্ষক ৰাজেন শৰ্মাৰ বিদায় অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ জুন: সুদীৰ্ঘকাল শিক্ষকতাৰ দৰে মহান আৰু পবিত্ৰ বৃত্তিত নিজকে আত্মনিয়োগ কৰি মানৱ সম্পদ গঢ়া ঢকুৱাখনাৰ জেষ্ঠ শিক্ষক ৰাজেন শৰ্মাই অলপতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে ৷ বিদায়-সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে ঘিলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নন্দ গগৈৰ সভাপতিত্বত আয়োজিত এক সভাত বিদায়ী প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষকতা জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰ ৰোমন্থন কৰি শিক্ষাৰ্থীসকলক নিজৰ শৈক্ষিক দিশৰ উতৰোত্তৰ কামনা কৰে ৷ লগতে, শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিকাঠামো নিৰ্মানৰ বাবে অভিভাৱকসকলে বিশেষ পদক্ষেপ গ্ৰহন কৰিব লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ সভাত উপস্থিত স্থানীয় ৰাইজ তথা শিক্ষাৰ্থীসকলে আবেগমিশ্ৰিত এক পৰিৱেশত প্ৰধান শিক্ষক ৰাজেন শৰ্মাই প্ৰদান কৰি অহা মূল্যবোধ শিক্ষাক সোঁৱৰণ কৰি আৰু কিছুবছৰ প্ৰধান শিক্ষক হিচাপে পোৱাৰ পোষকতা কৰাও পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, শৰ্মাই অৱসৰ লোৱাৰ পূৰ্বে ঢকুৱাখনা উচ্চ মাধ্যমিক শিক্ষক-কৰ্মচাৰী পৰিষদৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰি থকাৰ সমান্তৰালকৈ শান্তিপুৰ মধ্য ইংৰাজী বিদ্যালয় তথা শেহতীয়া ভাৱে ঘিলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিল ৷ উক্ত সভাত চি.আৰ.চি.চি. দিগন্ত গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক, ঘিলাগুৰি গাঁৱৰ মাতৃগোট, দুয়োটা শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে শৰ্মাক প্ৰশংসা পত্ৰ, গমোচা, শৰাই, চেলেং আদিৰে বিদায় সম্ভাষণ প্ৰদান কৰে ৷ বিদায় সম্বৰ্ধনা অনুষ্ঠানত শৰ্মাৰ মাতৃ, পৰিবাৰ, পুত্ৰৰ লগতে ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like