নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰহসনত পৰিণত ধুবুৰীত নাও চলাচলৰ ক্ষেত্ৰত প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৮ জুন: ধুবুৰী জিলাত নাওঁ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনে আৰোপ কৰা নিষেধাজ্ঞা এক প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ক্ৰমশঃ বৰ্ধমান জলস্তৰৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৬ জুনৰ দিনাই জিলা প্ৰশাসনে ধুবুৰী জিলাত চৰকাৰী আৰু বেচৰকাৰী নাওঁ চলাচলৰ ক্ষেত্ৰত তৎকালীন ভাৱে বলবৎ হোৱাকৈ এক নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু প্ৰশাসনৰ সেই চৰকাৰী নিষেধাজ্ঞা উলংঘা কৰি জিলাখনৰ সদৰ ধুবুৰীৰ বিভিন্ন নদী ঘাটৰ পৰা সংগোপনে নাওঁ চলাচল কৰি থকাৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য মতে, চহৰখনৰ ব্ৰহ্মপুত্ৰৰ পাৰ পাথৰু ঘাট, যোগমায়া ঘাট, আলী ঘাটকে ধৰি বিভিন্ন নদী ঘাটৰ পৰা বিভিন্ন চৰাঞ্চলৰ পৰা ইঞ্জিন চালিত যাত্ৰীৱাহী ভূটভূটিকে ধৰি মালবাহী নাওঁ চলাচল কৰি আছে। ইপিনে আজি পুৱা ৮ বজাৰ তথ্য অনুসৰি, ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ৬৬ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।

You might also like