নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰীৰ অনুমোদন পত্ৰ বিতৰণ মন্ত্ৰী অশোক সিংহলৰ

নিয়মীয়া বাৰ্তা, ১৫মে’: ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) হিতাধিকাৰীৰ অনুমোদন পত্ৰ বিতৰণ আৰু সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)হিতাধিকাৰীৰ অনুমোদন পত্ৰসমূহ বিতৰণ কৰে ৷ ৫৯৯৩ গৰাকীৰ ভিতৰত বৰ্তমান ৪৪৬৫ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)হিতাধিকাৰীৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷

অনুমোদন পত্ৰ বিতৰণ কৰাৰ প্ৰাক্‌মুহূৰ্তত ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কামসমূহ অতি শীঘ্ৰেই সমাপ্ত কৰিবলৈ খণ্ড উন্নয়ন বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷বিধায়কগৰাকীয়ে লগতে কয় যে, ঢেকিয়াজুলিৰ ১৮ খন পঞ্চায়তৰ ভিতৰত ১৮ খনতেই শিশু উদ্যান আৰু জিমখানা নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল ৷যিটো ৰাজ্যখনৰ কোনো এটা সমষ্টিত আৰম্ভ হোৱা নাই ৷ঢেকিয়াজুলি সমষ্টিৰ ১৮ খন পঞ্চায়তৰ ভিতৰত ১৩ খন পঞ্চায়ততেই শিশু উদ্যান আৰু জিমখানা নিৰ্মাণৰ কাম সমাপ্ত হৈ মুকলি কৰা হৈছে যদিও বাকী পাঁচখন পঞ্চায়ততো অতি শীঘ্ৰেই শিশু উদ্যান আৰু জিমখানা নিৰ্মাণৰ কাম সমাপ্ত কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰে স্থানীয় বিধায়কগৰাকীয়ে৷

আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কোনো দায়িত্ববাহী বিষয়া বা দলৰ কৰ্মীয়ে যদি সদাশয় ৰাইজৰ পৰা ধন বিচাৰে তেনে লোকৰ বিৰুদ্ধে অভিযোগ দিলেই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷বৰ্তমান মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ গংগা বোৱাৰ সমান্তৰালকৈ এক সুস্থিৰ বাতাবৰণ সৃষ্টি হৈছে বুলি কৈ চৰকাৰী কামত দুৰ্নীতিৰ আশ্ৰয় ল’লে সেইগৰাকী ব্যক্তি বিষয়া,কৰ্মচাৰী,দলীয় নেতা কৰ্মী যিয়েই নহওঁক কাকোৱেই ৰেহাই দিয়া নহ’ব বুলি সভাখনত ঘোষণা কৰিলে মন্ত্ৰী অশোক সিংহলে ৷ শনিবাৰে অনুষ্ঠিত উক্ত কাৰ্যসূচীত ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়া চন্দ্ৰজ্যোতি পেগু,বিজেপিৰ জিলা সভাপতি বাতাছ ওৰাং ,আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৱচৰণ চাহু ,জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ ,জিলা পৰিষদৰ সদস্য ধনু তপ্ন ,ঢেকিয়াজুলি মণ্ডল বিজেপিৰ সভাপতি আশীষ মজুমদাৰ প্ৰমুখ্যে নেতা কৰ্মীসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰেৰকঃ কল্পজ্যোতি নাথ,ঢেকিয়াজুলি 

You might also like