নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিঃ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

নিয়মীয়া বাৰ্তা, ১৫ মে: আজি কিছুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুনৰ ফলত অভাৱনীয় ভাৱে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ এই দৰে আপদীয়া পানী বঢ়াৰ বাবে এক নিৰ্দেশনা যোগে আজিৰ পৰা বন্ধ কৰিছে মাজুলী-নিমাতী ফেৰী সেৱা । কমলাবাৰী -নিমাতী আৰু অফলামূখ- নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ কৰাৰ জাননী জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে ঘোষণা কৰাত আজি পুৱাৰ ভাগত বহু যাত্ৰী ঘাটলৈ গৈয়ো পাৰ হব নোৱাৰি ঘুৰি আহিব লগা হয় ৷ বহু ৰোগীয়া লোক আজিৰ তাৰিখত সমস্যাৰ সন্মোখিন হব লগা হয় ।

ইফালে বহু যাত্ৰী আজি পুৱা ভাগত ব্যক্তিগত গাঢ়ি ভাৰাত লৈ ঢকুৱাখানা হৈ বগিবিলেৰে যোৰহাট, গুৱাহাটীলৈ যাব লগা হয় ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত বন্ধ হৈ থাকিব ফেৰী সেৱা। মাজুলীৰ পৰা যোৰহাটকে ধৰি আন আন ঠাইলৈ যোৱা এটি চমূ পথ হৈছে মাজুলী নিমাতী ফেৰী সেৱা কিন্তু আজিৰে পৰা অনিদিষ্ট কালৰ বাবে বন্ধ হোৱা ফেৰি সেৱাক লৈ বহুজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ৷ পূৰ্বতে এয়াত কৈয়ো ডাঙৰ পানীত চিঙ্গল ইঞ্জিনৰ নাৱেই চলি আছিল বুলি মন্তব্য কৰি জিলা প্ৰশাসনে কঠোৰ ভাৱে দায়িত্ব নোলোৱাৰ বাবেই ৰোপেস্ক ফেৰি পৰ্যন্ত বন্ধ হৈ থকা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ৷

উল্লেখ্য যে আজি হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়ো পাৰৰ যাত্ৰীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰো সৃষ্টি হৈছে ।ফেৰী ঘাটৰ পৰাই উভতিবলগীয়া হৈছে শ শ যাত্রী যিটো আজিৰ তাৰিখত আটাইটকৈ দুৰ্ভাগ্যজনক । বিভাগৰ উচ্চ পদস্থ বিষয়াই জানিবলৈ দিয়া মতে ৰপেস্ক বা এই ফেৰি সমুহ পাৰত ৰাখিবলৈ ৰেম্পৰ বৰ্তমান অভাৱ ৷ পূৰ্বৰ ৰেম্পসমুহ পানীৰ তলত ডুবগৈ থকাৰ বাবেই সৃষ্টি হৈছে সমস্যাৰ ৷ প্ৰধানকৈ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ সময়ত নদীৰ বুকুৰে ফেৰী চলাচল কৰিলে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাজুলী জিলা প্ৰশাসনে।

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড 

You might also like