নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত আলফা এন এচ চি এনৰ নামত মোবাইলত ধন দাবী কৰি গ্ৰেপ্তাৰ ২ যুৱক

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ সহজ সৰলতাৰ সুযোগ লৈ তিতাবৰৰ এগৰাকী যুৱকে দাঁতিকাষৰীয়া  বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰীক মোবাইল ফোনৰ ওৱাটছ আপত আলফা এন এচ চি এনৰ নামত ধন দাবী কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ   হোৱাৰ ঘটানকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে তিতাবৰ মহিমাবাৰী অৰুনোদয় পথৰ নিৰ্বাসি অজিত শইকীয়াই কিছুদিন পূৰ্বে মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী ৰূপে অৱসৰ গ্ৰহণ কৰিছে। অতি সহজ সৰল অজিত শইকীয়াক যোৱা ৬ এপ্ৰিলত তেওঁৰ গৃহৰ দাঁতিকাষৰীয়া নিৰ্বাসি বকুল হাজৰিকাৰ পুত্ৰ জিন্টু হাজৰিকাই মহিমাবাৰীৰ টিলেশ্বৰ মানকীৰ পুত্ৰ অনিল মানকীৰ মোবাইল ফোনৰ ওৱাটছ আপৰ পৰা এছ এম এছ কৰি পাঁচ লাখ টকা ধন দাবী কৰে। ৮ এপ্ৰিলৰ ভিতৰত প্ৰথম কিস্তি ডেৰ লাখ টকা আৰু ২৮ এপ্ৰিলৰ ভিতৰত বাকী ধন  দিব লাগিব।কোনো লোকক কলে বা সময়ত ধন নিদিলে দুগুণ ধন দি লাগিবা অন্যথা পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি দি এছ এম এচ দিয়ে।অজিত শইকীয়াই ভয় বিতত হৈ বেংকৰ পৰা ডেৰ লাখ টকা উলিয়াই আনি এছ এম এচত কোৱা মতে যোৱা ৭ এপিলত গৃহৰ পাঁচ ফালে বাথৰুমৰ কাষৰ এডাল বাহত ধনৰ টোপোলা থৈ নিশা ৯ বজালৈকে লাইট বন্ধ কৰি ৰাখে।

এই ঘটনা তিতাবৰৰ আৰক্ষীয়ে জানিব পাৰি তদন্ত কৰি কালি মহিমাবাৰীৰ অনিল মানকী নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে। অনিল মানকীক আৰক্ষীয়ে জেৰা কৰাত আজি তিতাবৰৰ আৰক্ষীয়ে অজিত শইকীয়াৰ নিচেই দাঁতিকাষৰীয়া জিন্টু হাজৰিকাক গ্ৰেপ্তাৰ কৰে।ইতিমধ্যে জিন্টু হাজৰিকাই সমগ্ৰ ঘটনা স্বীকাৰ কৰে বুলি তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিংহ ই জানিব দিয়ে।ডেৰ লাখ টকা উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে ধন উদ্ধাৰৰ কাৰণে জিন্টুক জেৰা কৰি আছে।ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিব দিয়া মতে জিন্টু হাজৰিকাই ইয়াৰ পূৰ্বে যোৱা ৩ মাৰ্চত আলফাৰ নামত দাঁতিকাষৰীয়া অ এন জি চিত কৰ্মৰত এজন যুৱকক অচিন মোবাইল ফোনৰ পৰা ওৱাটছ আপৰ জৰিয়তে দহ লাখ টকা দাবী কৰিছিল। ৫ মাৰ্চত পাঁচ লাখ টকা নিদিলে গৃহ জ্বলাই দি পত্নী পুত্ৰ সহ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল।কিন্তু অ এন জি চিৰ কৰ্মচাৰী যুৱক জনে এই ভাবুকিক কোনো গুৰুত্ব দিয়া নাছিল।আজি এইগৰাকী যুৱকে আহি তিতাবৰ থানাত জিন্টুৰ বিৰুদ্ধে এজেহাৰ প্ৰদান কৰে বুলি জানিব পৰা গৈছে।ইতিমধ্যে আৰক্ষীৰ পৰা জানিব পৰা মতে এই ধন দাবী ঘটনা জিন্টু হাজৰিকাই স্বীকাৰ কৰিছে। আৰক্ষীয়ে তদন্ত চলাই আছে।ঘটনাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰকঃপ্ৰনৱজ্যোতি কলিতা।তিতাবৰ 

You might also like