নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত নিশা আৰক্ষীৰ অভিযানঃ দহটা কন্টেইনাৰত অনা কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ নেওলাক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ তিতাবৰৰ গাঁও আৰু চহৰ অঞ্চলত যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি ড্ৰাগছৰ এখন বৃহৎ বজাৰ চলি থকাৰ সময়তে তিতাবৰৰ আৰক্ষীয়ে যোৱা ধোদৰ আলিত এক অভিযান চলাই তিতাবৰ বৰএৰাৰ বাবুল হুছেইন ওৰফে নেওলা নামৰ এটা ড্ৰাগছ বেপাৰিক গ্ৰেপ্তাৰ কৰে। তিতাবৰত দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই অহা বাবুল হুছেইনে এ এছ ০৪ ডি ১৬১৯ নম্বৰৰ এলত্ৰ গাড়ী খনত দহটা কন্টেইনাৰত কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সমূহ লৈ গোলাঘাট দিশৰ পৰা তিতাবৰলৈ আহি থাকোঁতে এক গোপন খবৰৰ ভিত্তিত গোলাঘাটৰ কমাৰবন্ধা ৰেল ষ্টেচনৰ পৰা তিতাবৰৰ আৰক্ষীয়ে খেদি আহি কাকডোঙা নদীৰ পাৰত বগী আই সত্ৰৰ ওচৰত আৰক্ষীয়ে ড্ৰাগছ বেপাৰীটোক গ্ৰেপ্তাৰ কৰে।ড্ৰাগছ বেপাৰিটোৱে ড্ৰাগছ সমূহ আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্য গাড়ীৰ দিকিত গোপন চেম্বাৰ বনাই ড্ৰাগছ সমূহ লুকুৱাই আনিছিল।

উল্লেখ যে কিছুদিন পূৰ্বে শিৱসাগৰত আৰক্ষীৰ অভিযানত বাবলুৰ ভাতৃ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছিল।।আৰক্ষীয়ে ড্ৰাগছ বেপাৰিটোক জেৰা চলাই আছে।আৰক্ষীয়ে তদন্ত সঠিক ৰূপত কৰিলে আৰু বহু কেইজন যুৱক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

You might also like