নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেগা নিলামৰ বাবে ১২১৪গৰাকী খেলুৱৈৰ নাম পঞ্জীয়ন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ সমাগত মেগা নিলামৰ বাবে দেশ–বিদেশৰ ১২১৪গৰাকী খেলুৱৈৰ নাম পঞ্জীয়ন কৰা হৈছে৷ বেংগালুৰুত অহা ১২, ১৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামত নাম উত্থাপন হ’বলগীয়া খেলুৱৈসকলৰ ভিতৰত ৮৯৬গৰাকী ভাৰতীয় আৰু ৩১৮গৰাকী বিদেশী৷ ইয়াৰে ২৭০গৰাকীয়ে দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি এক বিবৃতিত এই কথা জানিবলৈ দিছে৷ ব’র্ডে উল্লেখ কৰা অনুসৰি, ভাৰতৰ ৬১গৰাকী আন্তঃৰাষ্ট্রীয় খেলুৱৈৰ নাম নিলামত উত্থাপিত হ’ব৷ ইফালে, ইংলেণ্ডৰ তাৰকা বেন ষ্ট’কছ, জ’ফ্রা আর্চাৰ, জ’ ৰুট আৰু অষ্ট্রেলিয়াৰ তাৰকা বাঁওহতীয়া বেগী বলাৰ মিছেল ষ্টার্কে এইবাৰৰ আই পি এলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে৷ ব্যস্ত আন্তঃৰাষ্ট্রীয় সূচীৰ বাবে তেওঁলোকে আই পি এলৰ নিলামত অংশ নলয়৷ ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইলকো এইবাৰৰ আই পি এলত দেখিবলৈ পোৱা নাযাব৷ নিলামৰ বাবে নিজকে উপলব্ধ ঘোষণা কৰা খেলুৱৈসকলৰ ভিতৰত অন্যতম হ’ল অষ্ট্রেলিয়াৰ তাৰকা পেট কামিনছ, ডেভিদ ৱার্নাৰ, ষ্টিভেন স্মিথ, দক্ষিণ আফ্রিকাৰ তাৰকা কুইণ্টন ডি কক, ফাফ ডু প্লেছিছ আৰু ইংলেণ্ডৰ তাৰকা বেগী বলাৰ মার্ক উড৷ ভাৰতৰ তাৰকা শিখৰ ধাৱন, শ্রেয়াছ আয়াৰ, ৰবিচন্দ্রন অশ্বিন, সুৰেশ ৰাইনা আদিয়ে নিলামত বৃহৎ পৰিমাণৰ ধন লাভৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে একালৰ আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ তথা বর্তমানৰ পশ্চিমবংগ চৰকাৰৰ ক্রীড়ামন্ত্রী মনোজ তিৱাৰীয়েও মেগা নিলামৰ বাবে নাম পঞ্জীয়ন কৰিছে৷

You might also like