নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপনঃ জ্যেষ্ঠ ফটো সাংবাদিক সমীৰ কৰৰ ‘ত্ৰিৰংগা’ শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  “বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে আজি প্ৰদৰ্শনীৰ বাবে যি বিষয় বাছনি কৰিলে সেয়া সঁচাকৈয়ে অনন্য৷ দেশৰ স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ হোৱা আৰু এইবাৰ ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ এক দলিল স্বৰূপ হৈ পৰা এই প্ৰদৰ্শনীৰ আলোকচিত্ৰসমূহ উপযুক্তভাবে সংৰক্ষণ কৰাৰ লগতে এইসমূহ আলোকচিত্ৰ ভৱিষ্যতে অতি গুৰুত্বপূৰ্ণ হৈ উঠিব ৷”- তেজপুৰৰজ্যেষ্ঠ ফটো সাংবাদিক  সমীৰ কৰৰ  মুঠ ৬০খন নিৰ্বাচিত আলোকচিত্ৰৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনীৰ বন্তি প্ৰজ্বলন কৰি  শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এইদৰে কয় ।
উল্লেখ্য যে – ১৮৩৯ৰ ১৯আগষ্টৰ পৰাই উদযাপিত হৈ অহা বিশ্ব ফটোগ্ৰাফি দিৱসৰ স’তে সংগতি ৰাখি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰাংগনতো শুক্ৰবাৰে এই দিৱস উদযাপন কৰা হয়৷অন্তৰ্নিহিত কলা,সুকমাৰ কলা,বিজ্ঞান তথা ইতিহাসৰ কথা মনত ৰাখি সৰ্বপ্ৰথম ফৰাচী চৰকাৰে ঘোষণা কৰা এই দিনটোত ৰাজ্যখনৰ সংবাদক্ষেত্ৰৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত  এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক তেজপুৰৰ সমীৰ কৰৰ  নিৰ্বাচিত আলোকচিত্ৰৰে   আলোকচিত্ৰ প্ৰদৰ্শনীৰ  অনুষ্ঠিত কৰা হয়।
আজি দিনৰ ১১বজাত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি কয় যে আলোকচিত্ৰ শিল্পী কৰৰ আলোকচিত্ৰই সদায়েই দৰ্শকক সন্মোহিত কৰি আহিছে৷বিধায়ক ৰাভাই ৰাজ্যৰ বৰ্তমানৰ শ্ৰেষ্ঠ ফটো সাংবাদিক সকলৰ ভিতৰত এজন বুলি উল্লেখ কৰি লগতে কয় যে যিকোনো বিষয়ৰ আলোকচিত্ৰ গ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মূহুৰ্তৰ প্ৰকাশ কৰিবলৈ সক্ষম হয় কৰৰ আলোকচিত্ৰই৷ আনহাতে  ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি তথা প্ৰবীন শিল্পী বংকিম শৰ্মাই তাহানিৰ পৰা বৰ্তমানলৈকে আলোকচিত্ৰ গ্ৰহণত হোৱা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে একোখন নিৰ্বাক আলোকচিত্ৰৰ তেনেদৰেই কথা কোৱাৰ সামৰ্থ থাকে৷
সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা এই অনুষ্ঠানত সাহিত্যিক ড° ভূপেন শইকীয়া,সহকাৰী আয়ুক্ত বৰষা তালুকদাৰ,তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা,এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা,সমাজকৰ্মী দাদুল বৰকাকতিকে ধৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলেও আলোকচিত্ৰ শিল্পী সমীৰ কৰলৈ শুভেচ্ছা জনাই তেওঁৰ এই সৃষ্টিৰ প্ৰশংসা কৰে৷উল্লেখযোগ্য যে,তাহানি ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ ১৫বিধ কেমেৰা,ৰিল আদিও প্ৰদৰ্শন কৰা এই প্ৰদৰ্শনীত দেশে উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়চোৱাত ঘৰে ঘৰে ত্ৰিৰংগা বিষয় বস্তুৰ আধাৰত এই সময়ৰ বিভিন্ন মূহুৰ্তৰ আলোকচিত্ৰৰে সমীৰ কৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সহযোগত ত্ৰিৰংগা শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনীখন অনুষ্ঠিত কৰে৷
You might also like