নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাৱত জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক ‘ফটো সাংবাদিকতা বঁটা’ প্ৰদান

  • গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্র দিৱস পালন
  • গুৱাহাটী প্ৰেছ ক্লাৱত জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক ‘ফটো সাংবাদিকতা বঁটা’ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে বিশ্ব আলোকচিত্র দিৱস পালন কৰা হয়। । গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবছৰৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত ‘বিশ্ব আলোকচিত্র দিবস’ পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই (আই পি এছ)।

এই অনুষ্ঠানতে ‘অসমীয়া খবৰ’ কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক সন্থাৰ তৰফৰ পৰা ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এথোপা ফুল আৰু নগদ ১০ হাজাৰ টকা। বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙে সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰে।

অসম ফটো সাংবাদিক সন্থাৰ সভাপতি, জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্থাৰ সাধাৰণ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰণি ভাষণ দিয়ে। সভাখন আঁত ধৰে জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী, বিশিষ্ট ফটো সাংবাদিক তপন দাসৰ লগতে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, সমাজকৰ্মী ৰাজীৱ দাস, অনিল পাৰিকৰ লগতে অসম ফটো সাংবাদিক সন্থাৰ সকলো সদস্য উপস্থিত থাকে। এই কাৰ্যসূচীত মাৰোৱাৰী সন্মিলন আৰু লায়ঞ্চ ক্লাব অৱ গ্ৰেটাৰ গুৱাহাটীয়ে বিশেষ সহযোগিতা আগবঢ়ায়।

You might also like