নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ ১২বছৰীয়া কিশোৰৰ হাতৰ যাদুঃ মৃন্ময় প্ৰতিমা সাজি কৰিব পূজা

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ তেজপুৰৰ মধ্যপাৰা নিবাসী তথা চেক্ৰেড হাৰ্ট স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আয়ন কুণ্ডুৰ হাতৰ পৰশত গঢ় লৈ উঠিছে দেৱী দুৰ্গাৰ অনন্য সুন্দৰ প্ৰতিমা৷ ১২বছৰীয়া আয়নে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত প্ৰথমবাৰলৈ দুৰ্গা প্ৰতিমা নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷

পুত্ৰৰ এই আগ্ৰহৰ বাবে পিতৃ মাতৃয়ে সহাৰি জনো্ৱাত স্বতঃস্ফূৰ্ত ভাবেই আয়নে গঢ়ি তোলে দেবী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷ এজন সুনিপুন খনিকৰৰ দৰেই দশভূজাৰ লগতে গণেশ, সৰস্বতী, কাৰ্তিক, লক্ষ্মী, সিংহ, ময়ুৰ, ৰাজহংস আদিৰ মৃন্ময় প্ৰতিমা গঢ় দিয়া আয়নে যোৱা ১৫আগষ্টৰ পৰা এইবাৰ প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ কৰে৷ দুদিন পূৰ্বে এই মুৰ্তিত ৰং সনা কাম সমাপ্ত কৰি শনিবাৰে বস্ত্ৰ পৰিধান কৰাই প্ৰতিমাত৷ এতিয়া এই প্ৰতিমাৰেই কিশোৰজনে নিজা বাসগৃহতে কৰিব দুৰ্গা পূজা৷

উল্লেখ্য যে, অঞ্চলটোৰ কিশোৰ কিশোৰী সকলে মিলি সপ্তমীত মহিষাসুৰমৰ্দিনীৰ প্ৰতিমা বেদীত স্থাপন কৰি আয়নে আৰম্ভ কৰিব দুৰ্গতিনাশিনীৰ শাৰদীয় পূজা৷

Input:  সমীৰ কৰ, তেজপুৰ

You might also like