নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনঘূগী গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত ভৱন আৰু অগ্নি নিৰ্বাপন ভৱনৰ দ্বাৰ মুকলি

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৬ নং বনঘূগী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ১৮ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত ভৱন জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে শুভ উদ্ভোধন কৰে।

আনহাতে ২ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে অগ্নি নিৰ্বাপক ভৱনটো ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আলী আকবৰে শুভ উদ্বোধন কৰে। পঞ্চায়ত সভাপতি দেৱান আব্দুল কৰিমৰ এনে পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে । ইয়াৰ দ্বাৰা বনঘুগী পঞ্চায়তৰ ৰাইজে বহুত উপকৃত হব বুলি সচেতন মহলে ধাৰণা কৰিছে। উক্ত উদ্ধোধনী অনুষ্ঠানত অঞ্চলটোৰ কেবা শতাধিক লোক উপস্থিত থাকে ।

Input: মফিদুল ইছলাম,কলগাছিয়া 

You might also like