নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ পদত ৰাজু তিছ’

নিয়মীয়া বাৰ্তা,২২ জুন – যোৱা ২০ জুনত কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ ২৬ গৰাকী নিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰাৰ পিছত ২১ জুনত কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰাৰ দিন ধাৰ্য কৰা হয় । কিন্তু সদ্য সমাপ্ত নিৰ্বাচনত ২৬ সমষ্টিৰ পৰা বিজেপি দলৰে ২৬ গৰাকী নিৰ্বাচিত সদস্য বিজয়ী হোৱাৰ পিছত পৰিষদখনত বিৰুধী শূন্য হৈ পৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত শাসকীয় দলৰ ৰাজু তিছʼৱে অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল । পৰিষদখনত বিৰোধী শূন্য হোৱাৰ বাবে আজি ৰাজু তিছ’ পৰিষদখনৰ অধ্যক্ষ পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে। ৰাজু তিছ’ পৰিষদখনৰ ২৯ সংখ্যক অধ্যক্ষ হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে, ৰাজু তিছʼৱে কৰকান্ঠি সমষ্টিৰ পৰা দ্বিতীয় বাৰলৈ পৰিষদলৈ নিৰ্বাচিত হৈ অধ্যক্ষ পদত প্ৰথমবাৰৰ বাবে অধিস্থিত হয় । ইফালে নৱ নিৰ্বাচিত অধ্যক্ষগৰাকীক পৰিষদৰ সদস্যসকলে অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছামূলক বক্তব্য ৰাখে। উল্লেখযোগ্য যে, পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে আজি ডঃ তুলিৰাম ৰংহাঙে মনোনয়ন পত্ৰ দাখিল কৰে।

You might also like