নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপথাৰত নিশা আৰক্ষীৰ অভিযানঃ দহ লাখ টকাৰ হেৰʼইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী থানা আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আৰক্ষীয়ে যোৱানিশা বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজানত তালাচী অভিযান চলায়।
উক্ত অভিযানৰ সময়তে নিশা প্ৰায় ৯ বজাত অভিযানকাৰী আৰক্ষীৰ দলটোৱে এআৰ-০৯-৪৭৮৪ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৮৯.১ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে কৰিমগঞ্জ জিলাৰ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱাৰীগাঁৱৰ তাহিৰ হুছেইন (২৫) আৰু লামাজুৰৰ কাহাৰ আহমেদ (১৯) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় দহ লাখ টকা বুলি অনুমান কৰা হৈছে।
You might also like