নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান চেল্যুট, কেকে-ক শেষ শ্রদ্ধা মমতাৰ, ২৭০০ ধাৰণ ক্ষমতাৰ মঞ্চত সোমাইছিল ৭০০০ মানুহ

বিশেষ বাৰ্তা, ১ জুনঃ কলকাতাৰ পৰা গান চেলুটেৰে বিদায় জনোৱা হ’ল আকস্মিকভাবে মৃত্যু হোৱা গায়ক কৃষ্ণকুমাৰ কুন্নাথ তথা কেকে-ক। বুধবাৰে দুপৰীয়া ৰবীন্দ্র সদনত কেকে-ক ৰাষ্ট্রীয় মর্যাদাৰে শেষ শ্রদ্ধা জনোৱা হয়। উপস্থিত থাকে মুখ্যমন্ত্রী মমতা বেনাৰ্জী। প্রয়াত গায়কজনৰ পত্নী জ্যোতি কৃষ্ণা আৰু পুত্র নকুল কৃষ্ণা কুন্নাথো আছিল ৰবীন্দ্র সদনত।

ইপিনে, আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত। এচি বেয়া হৈছিল নেকি নজৰুল মঞ্চৰ? মাত্রাধিক শ্ৰোতা-দৰ্শক সোমোৱা বাবেই হৈছিল নেকি বিপত্তি? কে কেৰ মৃত্যুৰ পাছতে উঠা বিভিন্ন প্ৰশ্নৰ উত্তৰত ৰাজ্যখনৰ পৌৰ আৰু নগৰোন্নয়ন মন্ত্রী তথা কলকাতাৰ মেয়ৰ ববি হাকিমে স্বীকাৰ কৰিলে যে পৰিস্থিতি নিয়ন্ত্রণ কৰিব পৰা যোৱা নাছিল। সাংবাদিকৰ সম্মুখত ববিয়ে ক’লে- তাত ২৭০০ মানুহৰ ধাৰণক্ষমতা। কিন্তু সোমাইছিল ৭০০০ মানুহ। এচি ঠিকেই আছিল। কিন্তু ২৭০০ধাৰণ ক্ষমতাৰ এচিত ৭০০০ মানুহ সোমালে শ্বাস-প্রশ্বাসত গৰম হ’বই। কে কে যলৈকে যায় তাতেই ভিৰ হয়। বহুতে পিছফালেৰেও সোমাইছিল। মানুহৰ উচ্ছ্বাস নিয়ন্ত্রণ কৰিব পৰা যোৱা নাছিল। কোনে নিয়ন্ত্রণ কৰিব? গান শুনিবলৈ যোৱাসকলৰ ওপৰত পুলিচে লাঠী চলায় কেনেকৈ!”

You might also like