নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাৰ ভাৰাঘৰত কিশোৰীক দলবদ্ধ বলাৎকাৰ; ধর্ষণকাৰীয়ে ম’বাইলত কৰিছিল ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ দলবদ্ধ ধর্ষণ কাণ্ডৰ এবছৰ পাৰ নৌহওঁতেই মহানগৰীত পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে৷ মহানগৰীৰ বর্ষাপাৰাৰ ভাৰাঘৰত এগৰাকী কিশোৰীক তিনি পাষণ্ডই দলবদ্ধ বলাৎকাৰ কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ মাঘ বিহুৰ উৰুকাৰ নিশাই ধীৰেনপাৰাৰ এগৰাকী কিশোৰীক ফুচুলাই ভাৰাঘৰলৈ মাতি আনি তিনি পাষণ্ডই দলবদ্ধ বলাৎকাৰ কৰাৰ লগতে সমগ্র ঘটনাৰ দৃশ্য ম’বাইল ফোনৰ কেমেৰাত বন্দী কৰি কিশোৰীগৰাকীক ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত অভিযোগ অনুসৰি, যোৱা ১৪ জানুৱাৰীৰ নিশা বিকি সাহা নামৰ যুৱকজনে ধীৰেনপাৰাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক ফুচুলাই বর্ষাপাৰাত থকা ভাৰাঘৰলৈ লৈ যায়৷ কিশোৰীগৰাকীক ভাৰাঘৰলৈ লৈ যোৱাৰ পিছত মূল অভিযুক্ত বিকি সাহা আৰু তেওঁৰ দুই বন্ধু ক্রমে পাপ্পা আলী আৰু বিটুৱে দলবদ্ধ বলাৎকাৰ কৰে৷ কিশোৰীগৰাকীক দলবদ্ধ বলাৎকাৰ কৰাৰ লগতে তিনি পাষণ্ডই সমগ্র ঘটনাৰ দৃশ্য ম’বাইল ফোনত বন্দী কৰে৷ এই ঘটনা সন্দর্ভত মুখ খুলিলে যুৱতীগৰাকীৰ অশ্লীল ভিডি’ ভাইৰেল কৰাৰ ভাবুকি দি কিশোৰীগৰাকীক ভাৰাঘৰৰ পৰা পঠিয়াই দিয়ে৷ এই চাঞ্চল্যকৰ ঘটনা সন্দর্ভত যুৱতীগৰাকীয়ে প্রথম দুদিনলৈকে মুখ খোলা নাছিল যদিও দুদিনৰ পিছত ঘটনা সন্দর্ভত পৰিয়ালৰ লোকক কিশোৰীগৰাকীয়ে বিৱৰি কয়৷ পিছত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰস্থিত সমূহ মহিলা থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত পাণবজাৰ মহিলা থানাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ১৭ জানুৱাৰীত অভিযুক্ত যুৱক তিনিজনক গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্রেৰণ কৰে৷ ইপিনে, ভুক্তভোগী কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র বর্ষাপাৰা অঞ্চলত তীব্র চাঞ্চল্যই বিৰাজ কৰিছে৷ উল্লেখ্য যে যোৱা বর্ষৰ ১৯ ফেব্রুৱাৰীত গাড়ীগাঁৱৰ বিকি আলীয়ে ৪ বন্ধুৰ সৈতে মিলি এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰিছিল৷ পৰৱর্তী সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলীত বিকি আলী নিহত হয়৷

You might also like