নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনৈতিক কার্যকলাপৰ ঘাটিত পৰিণত পল্টন বজাৰৰ বেংগলী উঃ মাঃ বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ মহানগৰীৰ এখন বিদ্যালয়ত আৰক্ষী প্রশাসনৰ চকুৰ সন্মুখতে চলিছে অনৈতিক কার্যকলাপ৷ দিন–দুপৰতে বিদ্যালয় চৌহদত এচাম উদণ্ড যুৱক–যুৱতীয়ে অপকর্মত লিপ্ত হৈ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে৷ মহানগৰীৰ মাজমজিয়াত থকা পল্টন বজাৰৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷ বিদ্যালয়খনৰ একাংশ শিক্ষক–শিক্ষয়িত্রীয়ে অভিযোগ কৰা অনুসৰি, পল্টন বজাৰস্থিত বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নির্মীয়মাণ অট্টালিকাৰ ছাদত চাৰিগৰাকী যুৱক–যুৱতীয়ে আজি বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে অপকর্মত লিপ্ত হয়৷ বিদ্যালয়খনৰ এগৰাকী কর্মচাৰীয়ে এই ঘটনা প্রত্যক্ষ কৰি শিক্ষক সমাজক অৱগত কৰাত একাংশ শিক্ষক–শিক্ষয়িত্রীয়ে যুৱক–যুৱতীকেইগৰা কৰায়ত্ত কৰাৰ চেষ্টা কৰে যদিও তিনিগৰাকী যুৱক–যুৱতীয়ে পলায়ন কৰে৷

অৱশ্যে এগৰাকী যুৱতীক বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষয়িত্রীয়ে কৰায়ত্ত কৰি উত্তম–মধ্যম শোধায়৷ বিদ্যালয়খনৰ শিক্ষক সমাজে সংবাদ মাধ্যমৰ আগত মতামত ব্যক্ত কৰি কয় যে গৰমৰ বন্ধৰ সময়ছোৱাত বিদ্যালয় বন্ধ থকাৰ সুযোগ লৈ একাংশ যুৱক–যুৱতীয়ে বিদ্যালয়খনত প্রৱেশ কৰি নির্মীয়মাণ অট্টালিকাৰ ছাদৰ ওপৰত অপকর্মত লিপ্ত হৈছে৷ বিদ্যালয়খনৰ ছাদৰ ওপৰৰ পৰিৱেশ প্রত্যক্ষ কৰি শিক্ষক সমাজে তাত অপকর্ম চলি অহাৰ সন্দেহ কৰি আৰক্ষীক অৱগত কৰে৷ ইপিনে, বিদ্যালয় চৌহদৰ পাছফালৰ দেৱালৰ ওপৰেৰে তেলচোৰ চক্রই গুৱাহাটী ষ্টেচনৰ পৰা পাইপেৰে তেল চুৰ কৰি আহিছে৷ ঘটনা সন্দর্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে যদিও তদন্ত প্রক্রিয়া আগবঢ়া নাই বুলি শিক্ষকসকলে অভিযোগ কৰে৷

You might also like