নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ নাগৰিক সভাত মুখ্যবক্তাৰূপে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড৹ ৰুক্ম গোহাঁই বৰুৱা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: “আনৰ মুখলৈ চাই ইজি মানি ঘটাৰ যিটো মানসিকতা, এই মানসিকতা যেতিয়ালৈকে আমাৰ দূৰ নহ’ব; আমি অৰ্থনৈতিকভাৱে কেতিয়াও স্বাৱলম্বী হ’ব নোৱাৰিম। এই কথাটো আপোনালোকে লক্ষ্য ৰাখক আৰু মই কওঁ, চাকৰি বিচৰাতকৈ চাকৰি দিবলৈ যিটো প্ৰয়াস কৰিব লাগে, সেই প্ৰয়াসটো আমাৰ উঠি অহা প্ৰজন্মই কৰক। অৰ্থনৈতিক জিডিপিৰ কথা আপোনালোকে জানেই, শ্ৰীলংকাৰ অৱস্হা কেনে হৈছে আপোনালোকে জানেই, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অৱস্হা কেনে হ’বলৈ গৈ আছে আপোনালোকে জানেই। আমি বিশ্বগুৰুৰ কথা কওঁ; গতিকে বিশ্বগুৰু হ’বলৈ আমি সকলো দিশতে কিন্তু সমানে সম্পদশালী, সমৃদ্ধশালী হ’ব লাগিব।’’ -যোৱা নিশা ধুবুৰীত আয়োজিত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ এটা নাগৰিক সভাত মুখ্য বক্তাৰূপে উপস্থিত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড৹ ৰুক্ম গোহাঁই বৰুৱাই নিজৰ মনোগ্ৰাহী এক ভাষণত এইদৰেই এক গুৰুত্বপূৰ্ণ বিষয় উনুকিয়ায়।

উল্লেখ্য যে, বেয়া বতৰৰ বাবে উপায়হীন হৈ সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত আয়োজিত হোৱা সেই নাগৰিক সভাখন পূৰ্বে আয়োজিত থলীৰ ঠাইত চহৰখনৰ ৫নং ৱাৰ্ডৰ সত্যনাৰায়ন ঠাকুৰবাৰী প্ৰেক্ষাগৃহলৈ স্থানান্তৰিত কৰিবলগীয়া হ’য়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই সভাখনৰ আৰম্ভণিত ১৮৭৬ চনলৈকে অখন্ডিত ৰূপত থকা ভাৰতবৰ্ষক কিদৰে বৃটিছে বিভিন্ন চুক্তিৰ মাধ্যমেৰে বহু ভাগত খণ্ডিত কৰিলে তাৰ ওপৰত আলোকপাত কৰি এখন তথ্যসম্বলিত তথ্যচিত্ৰ প্ৰদৰ্শিত কৰা হয়। ভাৰত মাতা পূজন আৰু ‘সৰহদ তুঝে প্ৰণাম’ শীৰ্ষক দেশভক্তিমুলক গীত পৰিৱেশনৰ পিছত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ সাধাৰন সম্পাদক বিশ্বজিৎ ৰায়ৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখন সঞ্চালনা কৰে সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি দিৱস অধিকাৰীয়ে। উক্ত নাগৰিক সভাখনতেই যোৱাকালি দুপৰীয়া সংগঠনটোৰ ধুবুৰী নগৰ সমিতিয়ে আয়োজিত কৰা চিত্ৰাংকন প্ৰতিযোগীৰ বিজেতাসকলক বঁটা প্ৰদান কৰাৰ পিছত ড৹ প্ৰতিমা নিয়োগীৰ সভাপতিৰ ভাষণৰূপে প্ৰদান কৰা এক মনোজ্ঞ ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। অন্তত “এক শাম আজাদি কি নাম” নাম শীৰ্ষক দেশভক্তিমুলক সাংস্কূতিক সন্ধিয়াৰ কাৰ্য্যক্ৰমণিকাৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ যোৱাকালিৰ সেই নাগৰিক সভাখনৰ সফল সমাপ্তি ঘটে। উল্লেখ্য যে, অহাকালিৰ দেশক ৭৬তম স্বাধীনতা দিৱসৰ সৈত্ে সংগতি ৰাখি দিনৰ ১০ বজাত ধুবুৰীৰ বালুৰচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনৰ পৰা এক বিশাল ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হোৱা বুলি সংগঠনটোৰ ধুবুৰী নগৰ সমিতিয়ে জনাইছে। নাগৰিক সভাখনত সীমা জাগৰন মঞ্চৰ অখিল ভাৰতীয় সহ–সংযোজক প্ৰদীপন, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক দেৱাশীষ দত্তকে ধৰি মঞ্চৰ ধুবুৰী জিলাস্হিত কেইবাগৰাকী ৰাজ্যিক কাৰ্য্যকৰ্তা, জিলা আৰু নগৰৰ সমিতিৰ কাৰ্য্যকৰ্তা, ধুবুৰী পৌৰসভাৰ সভাপতি ডা৹ দেৱময় সান্যাল, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে স্থানীয় মান্যগণ্য ব্যাক্তি আৰু সাধাৰণ ৰাইজ উপস্হিত আছিল।

You might also like