নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত পিষ্টল, বিস্ফোৰকসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত যোৱা নিশা চৰাইদেউ জিলাৰ সোণাৰিত নিশা পিষ্টল আৰু বিস্ফোৰক সামগ্ৰীসহ এজন লোকক আটক সেনা বাহিনীৰ দল এটাই । জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ সাপেখাতীত বাহৰ পাতি থকা সেনা শিবিৰৰ দল এটাই সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবাৰী গাওঁত থকা নিজৰ ঘৰৰ পৰা দিগন্ত সন্দিকৈ ওৰফে জান নামৰ যুৱকজনক যোৱা নিশা সেনাই আটক কৰে। দিগন্ত সন্দিকৈৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰা বুলি সেনাৰ দলটোৱে দাবী কৰিছে । আনহাতে সমগ্ৰ ঘটনা ষড়যন্ত্ৰমূলক বুলি দাবী কৰিছে দিগন্ত গগৈ আৰু তেওঁৰ পৰিয়ালৰ লোকে।সেনাই নিজে দিগন্ত সন্দিকৈৰ গাৰুৰ তলত পিষ্টল থোৱাৰ অভিযোগ উত্থাপিত কৰিছে আটকাধীন দিগন্ত সন্দিকৈয়ে।উল্লেখযোগ্য যে বিগত বৰ্ষতো দিগন্ত সন্দিকৈক ষড়যন্ত্ৰমূলকভাৱে সেনাই আটক কৰিছিল বুলি জানিবলৈ দিছে ।সেনা বাহিনীয়ে আটক কৰি দিগন্ত গগৈক সোণাৰি আৰক্ষীক চমজাই দিয়ে যদিয়ো তদন্তৰ খাতিৰত কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে।

সোণাৰিৰ পৰা দীপাংকৰ পাল ।

You might also like