নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনকুবেৰ ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: ধনকুবেৰ ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান। মুম্বাইৰ ব্ৰেচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ ৰাকেশ ঝুনঝুনৱালাৰ। শেহতীয়াকৈ ঝুনঝুনৱালাই আকাশ এয়াৰলাইন্সত বিনিয়োগেৰে বিমান পৰিবহণ খণ্ডত প্ৰৱেশ কৰিছিল।

তেওঁৰ মৃত্যুৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃত্যুৰ সময়ত ঝুনঝুনৱালাৰ বয়স আছিল ৬২ বছৰ। তথ্য অনুসৰি আজি পুৱা ৬:৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ঝুনঝুনৱালাই পত্নী ৰেখা ঝুনঝুনৱালা, কন্যা নিষ্ঠা আৰু দুজন পুত্ৰ আৰ্য্যমন আৰু আৰ্যবীৰক ইহসংসাৰত এৰি থৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝুনঝুনৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে ১৯৮৫ চনত ৰাকেশ ঝুনঝুনৱালাই টাটা টিৰ শ্বেয়াৰ ক্ৰয় কৰে। তেওঁ  মাত্ৰ ৪৩ টকাত ৫ হাজাৰ শ্বেয়াৰ কিনিলে, যিটো তিনিমাহৰ ভিতৰতে প্ৰতিটো শ্বেয়াৰত ১৪৩ টকা হৈ সৰ্বোচ্চ স্তৰত উপনীত হৈছিল। ইয়াৰ পিছত ৰাকেশ ঝুনঝুনৱালাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহল। পৰৱৰ্তী কেইবছৰমানত তেওঁ বজাৰৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছিল। ৰাকেশ ঝুনঝুনৱালাই যি ষ্টক কিনিব তাৰ হাৰ আকাশলংঘী হ’ব বুলি ধাৰণা কৰা হৈছিল। এই কাৰণে তেওঁক ভাৰতৰ ‘ৱাৰেন বাফেট’ বুলি কোৱা হৈছিল।

You might also like