নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাঙামাটিত জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ নষ্টকৰণ অভিযান

নিয়মীয়া বাৰ্তা,৩০ জুলাই: ধুবুৰীৰ ৰাঙামাটিত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আজি দাহ কৰি নষ্ট ধ্বংস কৰা হয় । জিলাখনৰ গৌৰীপুৰ, গোলকগঞ্জ, ধুবুৰী, তামাৰহাট আৰু আগমনি থানা অঞ্চলত  যোৱা পাঁচটা বছৰত আৰক্ষীয়ে জব্দকৰা ড্ৰাগছ সমুহ আদালতৰ অনুমতি পোৱাৰ পিছত আজি ধ্বংস কৰা হয়। আজিৰ ড্ৰাগছ নষ্টকৰণ অভিযানত প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচা যুক্ত টেবলেট , কফ চিৰাফ, গানজা, ভাঙৰ লগতে হেৰ’ইন আৰু ব্ৰাউন ছুগাৰ আদি নষ্ট কৰা হয় বুলি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে  জানিবলৈ দিয়ে। নিচা জাতীয় ড্ৰাগছ আৰু গানজাসমূহ জ্বলাই দিয়াৰ লগতে কফ চিৰাপৰ বটল সমুহ নষ্ট কৰি মাটিত পুতি ৰখা হয়।
You might also like